ধুলিমাকতিৰ লগত খেলি খেলি
জীৱনটো কটাওঁ মই প্ৰকৃতিক আপোন কৰি
সুখ, দুখেও প্ৰভাৱিত নকৰে
দিন ৰাতিৰ পাৰ্থক্যও হৃদয় নুচুৱে

ধুলিমাকতিৰ লগত খেলি খেলি
জীৱনটো কটাওঁ মই প্ৰকৃতিক আপোন কৰি
সুখ, দুখেও প্ৰভাৱিত নকৰে
দিন ৰাতিৰ পাৰ্থক্যও হৃদয় নুচুৱে
নাৰী শব্দতেই লুকাই আছে
মমতা, সৌন্দৰ্য, সাহসআৰু ত্যাগ।
মই নাৰী সৃষ্টিকৰ্তাৰ সৃষ্টিৰে
মই এগৰাকী নাৰী
শক্তিৰ আধাৰ স্বৰূপা।
নিয়ৰৰ টোপালৰ দৰে
হেঁপাহৰ আবিৰ সনা আশাবোৰ,
কচুপাতত ৰৈ নাথাকিল।
ওৰে নিশাটো উজাগৰে ৰ’লো
অসহায় জোনটিৰ দৰে
নিঠৰ ,নিৰৱ,নিস্তব্ধতাৰে।
মোৰ অনুভৱৰ দলিচালৈ
তুমি মন গ’লেই আহিবা।
আহিনৰ গেৰুউলি ধানৰ সুবাসে ভৰা
মোৰ শেৱালী ফুলৰ দলিচা।
মই এজন পথিক
ঘূৰণীয়া পৃথিৱীত ঘূৰো মই
দিনে ৰাতি,
মই পথাচাৰী
তুমি আছা দূৰে দূৰে,
মোৰ হৃদয়েখনে, উচুপে
তোমাক বিচাৰে বাৰে বাৰে
নিৰৱে বাট চাই ৰৈ আছো
তুমি অহাৰ আশাৰে।
বিহু আহিলেই অসমীয়াৰ মন থৌকি বাথৌ যেন হয়। বিহুয়ে অসমীয়াৰ মনত সকলো দুখ ভাগৰ পাহৰাই আনন্দ আনে।বিহু উৎসৱটি চহা কৃষকৰ পৰাই উৎপত্তি উৎসৱ। প্ৰতিটো বিহুয়ে কৃষি লগত সম্পৰ্ক।
চহা কৃষকে আহাৰ,শাওন মাহত মূৰত জাপি কান্ধত নাঙল হাতত এচাৰি লৈ পথাৰত গৈ গৰু হালেৰে কঢ়াই চহ কৰি ভূঁই ৰুই খেতি কৰে।