মই কাজিৰঙা
সন্তান মোৰ অনেক,
নিষ্ঠুৰ- নিৰ্দয় চোৰাং চিকাৰীয়ে
এটা-দুটাকৈ মোৰ বুকুৰ কলিজাক কৰিছে নি:শেষ!

মই কাজিৰঙা
সন্তান মোৰ অনেক,
নিষ্ঠুৰ- নিৰ্দয় চোৰাং চিকাৰীয়ে
এটা-দুটাকৈ মোৰ বুকুৰ কলিজাক কৰিছে নি:শেষ!
সৰিয়হ ফুলিলে মোৰ
মনটো বৰ ভাল লাগে
হালধীয়াৰ মাজত চকুত
নতুন কিৰণে গজালি মেলে
হয়তো আজি তোমাৰ
মোলৈ মনত পৰা নাই।
কিন্তু মোৰ তোমালৈ মনত পৰিছে।
এটা কথা কি জানা?
সহজ নহয় এটা সম্পৰ্ক জীয়াই ৰখা।
বেছিকৈ নকওঁ তোক,
নহ’লে নমৰিব পেটৰ ভোক।
মনৰ প্ৰত্যাশা সুখৰ হ’বি তই
পুৰণিৰ সুৱৰণিত লাগে বৰ ভয়।
দেউতা,
তোমাৰ সতে মোৰ
উদন্ত বেলিৰ উঠন্ত পদূলিৰ
কিৰণময়ী যাত্ৰা আছিল,
তোমাৰ অনুভৱেই মোৰ জীৱনৰ
নিত্য নতুন দীপ্ত জ্যোতি।
দুৰ্বিষহ বছৰ এটি
পাৰ কৰাৰ পিচত
স্বস্তিৰ নিশ্বাস এৰিছে
বিশ্বৰ লগতে
অসমৰ জনগণে|