কেকুঁৰিটোৰ কাষত
জোপোহানিটোৰ আঁৰত দেখিলোঁ
কুঁৱলীৰ ফাঁকে ফাঁকে
এজাক কাউৰীৰ চিলমিলীয়া টোপনি!

কেকুঁৰিটোৰ কাষত
জোপোহানিটোৰ আঁৰত দেখিলোঁ
কুঁৱলীৰ ফাঁকে ফাঁকে
এজাক কাউৰীৰ চিলমিলীয়া টোপনি!
কোন দিশে ঢাপলি মেলিছে
অসমীয়া ভাষা সংস্কৃতি
অনুভৱে মোৰ বুকুত বিন্ধিছে
কি ৰূপ লব এদিন নিজৰ সংস্কৃতি
হেৰাইছে আপোনতাৰ ভাৱ
কবিতা নিলিখোঁ আজি!!
এখন ছবিকে আঁকিম।
প্ৰশান্তি, পবিত্ৰতাৰে ভৰা
এখন পৰিস্ফুট ছবি।
এখন আন্দোলনৰ ছবি।
নিলিখোঁ মই প্ৰেমৰ
হৃদয়ভগা কবিতা!
শব্দবোৰে মূখথেঁকেচা খাই
হুৱাদুৱা লগাব;
শীতৰ কুঁৱলীৰ আবেশত
মোৰ মৌন হৃদয়ৰ তন্ময়তা
ভাঙি ভৰি পৰে পুঁৱাৰ
সোনালী কিৰণৰ হেঙুলীয়া
আভা মোৰ মন মগজুত।
মোৰ পঁজা
ভগা পঁজা
নাই আভিজাত্যৰ আৰম্বৰতা
প্ৰেম সহৃদয়তাৰে সজাও দিন ৰাতি
জোৰাব নোৱাৰো কোনোদিনেও টকা পইচা
বিশ্ব সন্তান তুমি
খাটি অসমীয়া ড: ভূপেন হাজৰিকা।
গীতিকাৰ সুৰকাৰ সঙ্গীত সম্ৰাট
বিশ্ব খনিকৰ তুমি ড: ভূপেন হাজৰিকা!
তেজ হাজৰিকাৰ পিতৃ,
প্ৰণয় প্ৰিয়া তোমাৰ প্ৰিয়ম্বদা পেটেল।
আকাশ সদৃশ বিশালতা
বৈ যোৱা নিজৰা যেন সৰল হৃদয়,
মুক্ত বিহঙ্গম,
কণ্ঠ বিশাল তুমি খাটি অসমীয়া।
তুমি নাই বাবে
তোমাৰ প্ৰতি উশাহে উশাহে
মোৰ দেহত প্ৰতি পলে পলে
বিৰিঙে তোমাৰ প্ৰেম!