পুহৰ এফাল দিন যোৱাতে
বনৰীয়া সুৰ এটিয়ে
শীতৰ লঠঙা বুকুত
ফু মাৰি বজালেহি সেউজীয়া বাঁহী
কুঁহিপতীয়া জাৰণিত ফুটুকীয়া চৰাই মাতে
Month: January 2021

দুৰৈৰ পথাৰৰ ভেলা ঘৰৰ পৰা
ভাঁহি আহে বাঁহীৰ বিষাদ ৰাগিনী
সপোন ভগা কোন পাহুৱাল ডেকাই
কালৈ মনত পেলাই বজাই বাঁহী।

বলা অতীতলৈ এভুমুকি
অতীতত আছেনো কি?
চাই যাওঁ এবাৰ
ৰৈ জুমুকি জুমুকি।

মনৰ আশাবোৰ
দূৰ দিগন্ত ভেদি
পাখি মেলে আকাশ চুবলৈ|
নিয়ঁৰৰ মুকুতা সৰা
দুবৰিত খোজ থমকি ৰয়|

পঢ়াশালিতে কিছু উক্তিয়ে মন প্ৰভাৱিত কৰি আহিছে। যেনে- এইখন মোৰ দেশ, মোৰ দেশ মহান, বন্দে মাতৰম, জয় হিন্দ, “জননী জন্মভূমি স্বৰ্গদপী গৰিয়সী ” আদি। এনেবোৰ উক্তি সময়ে সময়ে শুনিছিলো আৰু সচাকৈ মনত সাচ বহুৱাইছিল।

আনদিনাৰ দৰেই আজিও গা-পা ধুই, পেট পূজা আদি কৰি থাপনাত আঁৰি থোৱা লক্ষ্মীদেৱীৰ ফটোখনলৈ চাই সেৱা এটা জনাই মাৰুতি গাড়ীখন লৈ দোকানলৈ বুলি আহি আছিলোঁ৷ বাটত মেকুৰীয়ে ৰাস্তা পাৰ হৈ যোৱাও মনত নপৰে৷ ছেঃ আজি দিনটো এনেই বেয়া যেন পাঁইছো৷

জ্ঞান বুদ্ধিহীন সুবলিত সুকুমাৰ যৌৱন
সুগন্ধি শূন্য ফুলৰ দৰে
জ্ঞানেহে মানুহক সুন্দৰ মাধুৰ্যমণ্ডিত কৰে
বাহ্যঅভ্যান্তৰে সৰ্বকালে

ৰূপ ৰস গন্ধ স্পৰ্শ
নিত্য ভ্ৰমবিলাস প্ৰলুব্ধতাৰে উন্মত্ত
মুমুক্ষুতা পৰিব্যাপ্ত জীৱনলৈ
যদি অত্যাকল্পকালেও নেনামে দেৱত্ব

পুৱাতেই দেখিলোঁ
শুকুলা চাদৰখন মেৰিয়াই
আইয়ে ৰ লাগি আছে জপনাৰ মূখত
নিঃশব্দে নিৰৱে কাষত ৰলো,

ভবা নাছিলো কাহানিও মই
তই যে এৰি থৈ যাবি
অকলে মোক অথাই সাগৰত৷
এতিয়া আছো মই অকলে