মোৰ আজন্ম বন্ধু, সংগী, প্রেমিক
মোৰ ছাঁ
মোৰ “ছাঁ”ই মোৰ স’তে খেলে
ল’ৰালিৰ লুকা-ভাকু

মোৰ আজন্ম বন্ধু, সংগী, প্রেমিক
মোৰ ছাঁ
মোৰ “ছাঁ”ই মোৰ স’তে খেলে
ল’ৰালিৰ লুকা-ভাকু
দায়িত্ব তাগিদাত নে
কৰ্তব্য তাগিদাত নে
নৈতিক নিয়ন্তাৰ স্বাৰ্থত,
আপোচহীনতাত
পকনীয়াৰ পাকৰ দৰে সোমায় পৰিলো
চকুত চকু থৈ—–
বাৰে বাৰে
আমনি কৰে!
মোৰ হৃদয়ৰ——
কঠিন শিলত কতা সূতাৰে গঁঠা
মোৰ জীৱনৰ দীঘ বাণী
পাৰিবানে বাচিব বুটা সেউজীয়া
জ্বলন্ত বহ্নি শিখাৰ ৰঙেৰে ?
পৰা যদি আহিবা। বাচিবা বুটা।
ভোগৰ ভোগালী মাঘৰ জাননি
অসমীয়াৰ আপোন বিহু
মাহে ধানে উপচি পৰিছে
লক্ষিমী ভঁৰালৰ আদৰ!
ৰাতিটো নিয়ৰত তিতি তিতি ক্ষণ গনিছিল দোকমোকালিলৈ
কাউৰীয়ে কা কা কৰি উপৰেদি পাৰ নহওতেই
জ্বলিব উমি উমি,
উমাল পৰশত আশাবোৰ সাহসী হব,
সুখ, আনন্দ, আবেগ, অনুভূতি
বিশ্বাস, পৰম্পৰা
অবিশ্বাস হতাহতি
আচলতে এইবোৰ ক্ষন্তেকীয়া
সকলোবোৰ মিছা।
মাথো সময় হে সচাকৈ সঁচা
ভোগালীৰ পৰম্পৰা মাঘৰ মেজিঘৰ।
আনে সাজিছে আমিও সাজিম।
ঐক্য সংহতিৰে শংকৰ-মাধৱৰ আদৰ্শৰে
ভোজভাত খাম আনন্দেৰে।