আদৰৰ ভোগালী উৎসৱে
সকলোকে কুশল মঙ্গলে ৰাখক
তাকেই কৰিছো কামনা।
ভোগালী উৎসৱৰ আনন্দ উল্লাসে
প্ৰীতি ভোজৰ সুৱাদৰ জুতিৰে
জুৰাই যাওক মন সৰোবৰক।

আদৰৰ ভোগালী উৎসৱে
সকলোকে কুশল মঙ্গলে ৰাখক
তাকেই কৰিছো কামনা।
ভোগালী উৎসৱৰ আনন্দ উল্লাসে
প্ৰীতি ভোজৰ সুৱাদৰ জুতিৰে
জুৰাই যাওক মন সৰোবৰক।
আহিছে বিহু ভোগালী,
কুঁৱলীৰ আচ্ছাদন ফালি।
সাজো গাওঁ,নগৰ, চহৰৰ ডেকা,
গাভৰু, বোৱাৰী সকলো সাজো
আনিব ভোগালীক আদৰি।
অসমীয়াৰ হিয়াৰ আমঠু
বিহু তিনিটি
পাতি যাওঁ আহাঁ আমি
পুৰণিকলীয়া সংস্কৃতি;
ক’ত হেৰাল
উদূলি মুদুলি ঢেঁকীৰ শব্দৰ
পুহৰ আবেলিৰ
ভোগালীৰ ওলগনি ,
ক’তবা হেৰাল
উচাহ আৰু প্ৰেমৰ
নৱ প্ৰকাশ,
ফৰকাল মাঘৰ মাহ
ফৰকাল মনৰ নীল আকাশ।
অতি হেপাহৰ ভোগালী বিহুটি
চাওঁতে চাওঁতে পালেহি পদূলি
ভোগৰ অনেক সম্ভাৰ যাওঁ গৈ বিচাৰি
জহা বৰা মাহ তিল আৰু বাছমতী
ভাৰতৰ যুৱ শক্তি জগাই তোলা
দেশ মাতৃক অন্তঃকৰনে সেৱা কৰা
পথ প্ৰদৰ্শক স্বামী বিবেকানন্দ
আহ্বান জনাইছিল যুৱ শক্তিক
সঁহাৰি জনাইছিল বহুজনে।
দেশ স্বাধীন কৰা মানসেৰে
যুঁজত জপিয়াইছিল।
আজিও যুৱ শক্তিৰ বিশ্বাস
স্বামীজীৰ বানীৰে অনুপ্ৰাণিত কৰে।
কন্যা কুমাৰী সাগৰ বক্ষত শিলাস্মাৰকে।
জীৱন আৰু বানীয়ে
দেশবাসীক নৱ চেতনা দিয়ে।
অলিম্পিকত জিম্নাষ্টিক খেলি ব্ৰঞ্জৰ মেডেল পাই অহা অৰ্পিতাই সোণৰ মেডেলৰ আশাত এতিয়া দুগুণ উৎসাহেৰে অনুশীলন কৰিব ধৰিছে । প্ৰশিক্ষকে ওপজি পুৱাতে মুকলি পথাৰত অনুশীলন কৰাই থাকোতে Double Turn ত
ধৰিত্ৰীৰ বুকুত ৰুইছিলো
এডৰা সেউজীয়া;
ঘাঁমৰ টোপালবোৰ মাটিত পৰি হৈছিল
সোণবৰণীয়া: খেতিডৰাৰ ভৰসাতে