মোৰ নামত তোমাৰ শিৰত
সূৰ্য উঠে সেন্দুৰৰ,
মোৰ নামত তুমি দেখা
এখন সেউজীয়া সপোনৰ ঘৰ।

মোৰ নামত তোমাৰ শিৰত
সূৰ্য উঠে সেন্দুৰৰ,
মোৰ নামত তুমি দেখা
এখন সেউজীয়া সপোনৰ ঘৰ।
মাটি মাহ- কাঠআলু
খাঁহী মাংসৰ সোৱাদ ল’লো
খৰিকাতে তেলবিৰিঙা হাঁহৰ মাংস
আঁৰি মাছৰ জোল খনি
গোন্ধ আছে নাকত লাগি
শব্দৰ গোন্ধত বিচাৰি ফুৰো তোক
নষ্টালজিত বন্দী তই শৰত,
তোৰ আগমনত কবিয়ে মন্ত্ৰপাঠ কৰে
এক মধুৰ সানিধ্যত।
বাপতি সাহোন চেনেহৰ মাঘৰ বিহুটি আদৰাৰ নিমিত্তে ৰিমিয়ে পিঠাপনাবোৰ সামৰি ভাগ ভাগকৈ সজাই পৰাই ভৰাই থৈ দিলে৷ হঠাৎ হৈচৈ লাগিল। পদূলিমুখলৈ বুলি ৰিমিয়ে খৰখেদাকৈ গৈ দেখিলে ৰাস্তাত মানুহ জমা হৈছে। হুলস্থূল পৰিৱেশ। মানুহবোৰ দৌৰাদৌৰি কৰিব ধৰিলে৷ কোনোৱে ক’লে মূৰত পানী অকণ দে ৷বহুৱাই আউজাই ধৰ তাক৷ ৰিমিৰ বুকুখন ধপধপ কৰিব ধৰিলে৷ কাৰবাৰ যে কিবা এটা হৈছে ৰিমিৰ বুজিব বাকী নাথাকিল৷ সেয়ে তাই ভীৰৰ মাজলৈ আগুৱাই গৈ দেখি এটি চিৎকাৰ কৰি অচেতন হৈ পৰিল৷
বিদ্যা অবিদ্যা সত্য অসত্য কৰ্ম অকৰ্ম
সুন্দৰ অসুন্দৰৰ বিশুদ্ধ ধাৰণাই ধৰ্ম
ধৰ্ম ধৰ্ম বুলি উদ্ভ্ৰান্ত হ’লেই নহ’ব
ধৰ্ম আৰু ধৰ্ম জ্ঞানৰ
আকাশ পাতাল পাৰ্থক্য
পদূলিত উখলমাখল ভোগালীৰ আখৰা৷
ঢেঁকীৰে চাবত কঁপে লাহী কঁকালৰে ভাঁজ
জুৰুলিজুপুৰি কৈ তিতিছে ৰিহা আঁচলৰে আগ৷
চিৰা, পিঠা, লাৰু, মুৰি মহৰে আঠা দৈ ৷
চুঙা পিঠা, ঘিলা পিঠা, তিলৰে পিঠা লৈ
আদৰিমে মাঘৰে বিহুক পৰিয়ালৰ মাজতে ৰৈ৷
মাটি মাহৰ সোৱাদেৰে,মিঠা আলুৰ মিঠাৰে,বকুল বৰা ধানৰ জলপানৰ আঠাৰে,
কণজহা চাউলৰ ভাতৰে সুগন্ধি সুৱাদ লৈ৷
জীৱনটো যেন এক ভেলাঘৰ!
যিদৰে কাঠী-কামি ,তমাল-মাৰলি
খুঁটা বাঁহ দুৱাৰ খেৰ-বেৰ খিড়িকী
ঠিক তেনেদৰেই মানুহৰ কংকাল বা জঁকা
চকু-মুখ নাক-কাণ ,মাংস তেজ ,শিৰা-উপশিৰা
ক’ত মোৰ সেই সপোনৰ বালিচৰ
আয়ে-বোপায়ে সাজি দিয়া হেঁপাহৰ ভেলাঘৰ!!
ক’ত জুইক আগুৰি তাহানিৰ উৰুকাৰ ভোজভাত..
ক’ত হেৰাল ভাই-ভনী- আত্মীয়-স্বজনৰ এষাৰি মৌমিঠা আকুল মাত!!