অশ্ৰুসিক্ত এটি ফাগুনৰ,
হেঙুলীয়া আভা আবেলিবোৰৰ।
অসহায় ভাষা,
মোৰ হৃদয়ৰ।
আৱেগ প্ৰৱন মন,
অগণিত জন গণ।
হেৰুৱাইছোঁ নিজকে জগতত,
জন সমাগমৰ ভিৰত।
তোমাৰ আগমনত,
তোমাৰ কোমল পৰশত,
তোমাৰ প্ৰেমৰ সুবাসত,
ব্যক্ত সকলো নয়নত।
উমাল বাগিছাখন,
হল মোৰ জীৱনত।

Related Posts