সোণাৰু বুলীয়া বাটতত তোমাক লগপায়েই
নতুনকৈ দেখিলো পৃথিৱীখন উল্লাস উন্মুক্ত উৎসাহৰ উৎকলিত ধাৰাৰে
উদ্ভাৱন কৰিলো নৈসৰ্গিক নৈপুণ্যতাৰে
অনন্ত সূৰ্য্য বৰ্ণালীৰে জীৱন বোলোৱাৰ
কণককান্তি কমনীয় কলকণ্ঠী কল্পান্তৰী
কাৰুণিক কল্লোলিত কল্যানী কৌশল
সুগন্ধি চতিয়াই চতিয়াই
ৰূপান্তৰৰ গান গোৱা ফুলবোৰে
সুললিত সুৰীয়া সেউজ সুমধুৰ কণ্ঠৰে
তোমাৰ সোণসেৰীয়া প্ৰেমপ্ৰদীপ্ত কণ্ঠৰ
মায়াসনা মৌবৰষা ভাস্বত ভাষাৰে সঙ্গীত সজল শৃঙ্গাৰী সুষমামণ্ডিত কথা কৈ কৈ
আকাশে বতাহে প্ৰেম সিঁচি দিলে অনৰগল
বিষাদবিধ্বস্ত বিৱৰ্ণ জীৱনৰ
অকোৱা পকোৱা পঙ্কিলতাপূৰ্ণ
অনস্বীকাৰ্য আন্ধাৰবোৰ ধুই ধুই
বসন্তৰ বতাহ বোৱাই প্ৰেমৰ নদী বৈ গ’ল
বৰ্ষা বিলাসী শ্যামল আকাশৰ স্বনেৰে হৈচঞ্চল
তোমাৰ হাতত ধৰি প্ৰেমৰ পথত আগবাঢ়ি
বুজিপালো অনন্ত অমিয়া অনন্য পোহৰৰ ভাষা
মৃত্যুমুখী অলেখ আশা অজানিতে হৈ পৰিল
মন্বন্তৰ মন্থন মমত্বৰে মতলীয়া
মূৰ্চ্ছনাময় ৰাগৰ ৰাগীৰে শৈৱলিনীৰ দৰে
আপোনমনে বৈ যায় য’ত
অনিৰ্বাণ অবিচল অবিচ্ছেদ্য উচ্ছল তৃষা
তোমাক লগপায়েই বুজিপালো
সত্য সুন্দৰ সৌন্দৰ্য্যমণ্ডিত সুৱাসী প্ৰেমৰ
শাশ্বত সত্যৰ মহিমামণ্ডিত আশ্চৰ্য ৰহস্য
অয়স্কান্তীয় মহাজাগতিক আকৰ্ষণেৰে
অনিৰুদ্ধতাৰে যি নিত্য নৱ ৰাগেৰে আসক্ত
সুৰুজৰ সেউজীয়া সুৱাস সিঁচি সিঁচি
সুমধুৰ সুৰীয়া সুকৌশলেৰে
অনিৰ্বাৰ অমলতাৰে হৃদয় কৰে যি পৱিত্ৰ
বিস্তীৰ্ণ বিষাদ বিদাৰি বিদাৰি বিৰক্ত বিষাক্ত
তীব্ৰ তিক্ততাৰে সিক্ত
বিভাসা বিহীন বিমূৰ্ছিত জীৱন থুকুচি থুকুচি
মই আজি কল্পনাতীতভাৱে সুখী
তোমাক লগ পায় তোমাৰ প্ৰেমেৰে
অন্তৰত অমেয় প্ৰেমৰ ফুল আঁকি আঁকি
হৃদয় মৰুতো সূৰ্যপ্ৰেমৰ বৰ্ণালীৰে ফুলে ফুল
ফুলাম পৃথিৱীৰ বতাহে বতাহে বোৱাই সুগন্ধি
কাষত তুমি নেথাকিলেও
গছে পাতে ফলে ফুলে
আকাশত থাকা হাঁহি
অসহায় অন্ধকাৰত নিসঙ্গ হৈ ৰ’লেও
তোমাৰ প্ৰেমেৰেই অনাবিলতাৰে অনুভৱ কৰো
প্ৰাঞ্জল উজ্জ্বল সজ্জ্বল প্ৰগাঢ় প্ৰেমৰ প্ৰতীতি
তত্ত্বানুসন্ধানী মনে তড়ীৎবেগেৰে বিছাৰি পালে
তপোনিষ্ঠ তিতিক্ষু আলোকৰ তুৰীয় তৃপ্তি