তমসাছন্ন ৰাতিৰ নীৰবতা

আউসীৰ তমসাৰে ভৰা এক
জয়াল অবুজন পৃথিবীৰ
মানুহবোৰৰ মাজত জীয়াই
আছো কথমপি উশাহটি লৈ।
বিচাৰি ফুৰো ভাগৰুৱা মনেৰে
পাৰহৈ যোৱা নিজম
আবেলিবোৰত সূৰুযে সিঁচি থৈ যোৱা ৰঙীয়াল পুৱাৰ বতৰা।
য’ত উদয় হয় মোৰ সেতাপৰা
হৃদয়ত এধানি মান সতেজতা
পূৰ্ন হাঁহি।
বিচাৰি ফুৰো এটি চিনাকি চিনাকি লগা আপোনত্বৰ
আবৰণে ঢাকি ৰখা শব্দ “বন্ধু’
ক্ৰংকিটৰ দুনীয়াত “বন্ধু”নামৰ
এই শব্দটিৰ অভাব অনুভব
হয় মোৰ হৃদয়ত।
পল-অনুপল কৰি জীৱনে
এনেদৰেই আগুৱাইছে।
দুদিন ভাল লগাৰ পিছতেই
আপোনজনো হৈ পৰে পৰ
আপোনতাৰ সুৰ বিলাই
ধুৱাই লৈ যায়
হেঁপাহৰ সকলো স্বপ্ন।
মাত্ৰ যাঁচি থৈ যায়
সেমেকা সেমেকা লগা তমসাছন্ন ৰাতিৰ নীৰবতা
আৰু স্তব্ধতা।

Related Posts