মোৰ শব্দত
সপ্ত সুৰুজৰ উতপ্ত তুৰ্য্য
অস্তিত্ব সুৰক্ষাই মোৰ দুৰ্মদ দুৰন্ত লক্ষ্য
দুৰ্ব্বাৰ অনিৰ্বাৰ সংগ্ৰাম মোৰ অনিৰুদ্ধ

হাতৰ শাণিত হেংদাং মোৰ উগ্ৰ প্ৰচণ্ড
তেজে তেজে বহ্নিমান লাচিত মুলাৰ বীৰত্ব
আপোচ বিহীন সংগ্ৰামী মই অসমৰ ভূমিপুত্ৰ
দেশ জাতি ভাষা সংস্কৃতি মোৰ আজন্ম স্বত্ব

মোৰ উদাত্ত কণ্ঠৰ বিপ্লৱী বিদ্ৰোহী তীক্ষ্ণ শব্দত
নিত্য ধ্বনিত প্ৰতিধ্বনিত
ঐতিহ্যমণ্ডিত অসমীয়া নিৰ্ভীকত্ব
নহওঁ নহওঁ বিশ্বৰ পঙ্গু অঙ্গ

যুদ্ধক মই কোনোদিন নকৰো ভয়
বাহ্য অভ্যান্তৰে মোৰ দেদীপ্তমান আজি
লুইতপৰীয়া শৰইঘটীয়া অমৰ অজেয় বীৰ্য্য

স্বদেশ স্বজাতি অস্তিত্ব কৰিমেই সুৰক্ষিত
দেশৰ বাবে মানুহৰ বাবে
শাশ্বত ভাস্বত উন্নতশিৰ মোৰ চিৰ উদ্যত
সজাগ সতৰ্ক সতেজ প্ৰহৰী মই চিৰ জাগ্ৰত

দেশ জাতিৰ বাবে যুদ্ধ কৰিম প্ৰাণ দিম
নকৰো নকৰো স্বীকাৰ নকৰো
শত্ৰুৰ দাসত্ব

হেংদাং ঘূৰাই শত্ৰুৰ বক্ষ কঁপাই
অনিৰ্বাৰ কৰিম কৰিম যুদ্ধ
প্ৰাণ দিম তেজ দিম সুৰক্ষিত কৰিমেই অস্তিত্ব

Related Posts