শৰৎ ঋতুৰ পূৰ্ণিমাৰ ৰাতিত
জোনাকৰ এটা ধুনীয়া নিশাত,
জোনাকী পৰুৱাৰ নাচ দেখি
বকুল শেৱালীৰ সুগন্ধত,
নিজতেই নিজে মতলীয়া হৈ
বকুল, শেৱালীৰে সৌন্দর্যৰ মালা গাঁথি,
জোনবাঈৰ জ্যোতিৰ মায়াত,
হৃদয়ৰ মাজত থকা বিষাদবোৰ পাহৰি,
দুখৰ ধূলিকণাবোৰ উৰুৱাই,
শান্তিৰ জিৰণি বিচাৰি
পাৰ কৰোঁ গোটেই জোনাক নিশা।