পত্নীৰ অন্তেস্তিক্ৰিয়া সমাপ্ত কৰি যোগেনে স্বস্তিৰ নিঃশ্বাস এৰিলে ।তেওঁৰ বাবে পত্নীৰ মূল্য নিজতকৈও বেছি।পত্নীৰ বিয়োগত তেওঁ মৰ্মাহত হৈছে ।সকলো ফালে নিৰাশাৰ জোৱাৰ উঠিছে। দিশহাৰা হৈ পৰিছে।
তথাপি তেওঁ স্বস্তিৰ নিঃশ্বাস এৰিছে।কিয়নো পত্নীৰো শেষ ইচ্ছা আছিল তেওঁ জীয়াই থাকোতেই সংসাৰৰ পৰা বিদায় মগা। পত্নীৰ শেষ আশা পূৰ্ণ হ’ল।শাঁকে-সেন্দুৰে বিদায় ললে পতিৰ কোচত মূৰ থৈ। পত্নীৰ শেষ ইচ্ছা পূৰণ হোৱাৰ বাবে তেওঁ সুখী। পত্নীয়ে এনে দুৰ্বিষহ বেদনা আৰু কষ্ট ভোগাতো তেওঁৰ অন্তৰাত্মাই কেতিয়াও সহ্য কৰিব নোৱাৰে ,কাৰণ পত্নী তেওঁৰ বাবে নিজতকৈও মূল্যবান।