আশানুৰাগে বহু পোখা মেলি
ন সূৰুযৰ হাতত ধৰি
শাওনৰ পথাৰ উপচাই
অনেক শস্যৰ সৌৰভ ঢালি
উজ্বলাই তুলি ৰমণীয় কৰিব বিচৰা
মন আজি অক্ষমতাৰ অৱকাশত।
জীৱনৰ নান্দনিক মধুৰতাই
যেন সময়ৰ গতিত ককবকাব
ধৰিছে অন্তহীন পাপৰিৰ সীমাৰেখাত।
জীৱন জীয়াৰ মাদকতা যেন
হেৰাই যাব ধৰিছে এই
স্বাৰ্থপৰতাৰ অন্তৰীপত।
সঁচা অৰ্থত প্রেমৰ অভিৰুচিৰে
স্নিগ্ধতা বঢ়াব নোৱৰি আত্মা আজি
ভীষণভাৱে মহা অনুতপ্ত।
আৱৰ্জনাৰে ভৰপূৰ্ণ কলুষতা বোৰ
শৰতে স্বভাৱতে নিৰ্মল কৰাৰ দৰে
পৃথিৱীৰ অপূৰ্ব সৌন্দৰ্য্য
উপভোগ কৰিব নোৱাৰি
হৃদয় আজি হাহাকাৰ।
শান্তিৰ অমিয়াৰ এটি সুবাস
বিচাৰি ভৱ সাগৰ সাঁতুৰি
হাবাথুৰি খাই ককবকাই থকা
হিয়াই পোৱা নাই শান্তিৰ পৰশ।
হে, বিধাতা আকুল প্রাণে
সাতদিনৰ প্রতি দিনে অপেক্ষাত
পৰম শান্তিৰ সন্ধানত
যাৰ সমাহাৰত মিলাব
তোমাৰ পদ কমলৰ
সুকোমল পৰশ।