নাই পাৰ নাই ঘাট নাই কাৰো মিঠা মাত
উপলা পৃথিৱী এইখন মাথোন বিষাদ
অজানিতে প্ৰেমত পৰি নেচালো ভাৱি গুণি
বিছাৰি নেপাওঁ আজি ইয়াত বতাহ
দুচকুত অন্ধকাৰ হিয়াত দুখৰ ভাৰ
যাবও নোৱাৰো আজি আগুৱাই
প্ৰেমৰ মায়াত পৰি অবাটত দিলো ভৰি
আপোন জনেও আজি ঘূৰিয়েই নেচাই
অনুতাপত দহি দহি চকু মেল খালেও আজি
ঘূৰি যাবলৈ মোৰ কোনো বাট নাই
হাত ভৰি বন্ধা মোৰ মন আন্তৰত নাই জোৰ
সময়েও আজি মোক দিয়ে লথিয়াই
ঘোৰ বিপদত পৰি আজিহে চাইছো ভাৱি
থাকিব লাগে বিৱেক বুদ্ধি বিচাৰ
নিজকে গোপন কৰি গোপনে গ’লে আগবাঢ়ি
হেৰাবই সকলো জীৱন হ’বই অসাৰ