সৰু সৰু সপোন বোৰ
ধৰি ৰাখিছিলোঁ,
দিঠক দেখাৰ হেপাঁহত।কিয় জানোঁ
বাৰে বাৰে উভতি আহিছিলোঁ
তোমাৰ কাষৰে পৰা
ভয়ে ভয়ে লাজে লাজে।হয়টো তোমাৰ ভাল নালাগিবও পাৰে,
মোৰ ভাল পোৱা কলা ৰং বোৰ।তথাপিও
আজিও বিছাৰি ফুৰো তুমি
ভাল পোৱা সৰু সৰু শব্দবোৰ,
চেষ্টা কৰো ছন্দ বোৰ মিলাই কবিতা লিখিবলৈ
তোমাৰ হৃদয়ৰ দেৱালত।কেতিয়াবা চিঞৰি চিঞৰি কব
মন যাই
লেখিব মন যাই কেতিয়াবা হিয়া উজাৰি
মোৰ হৃদয়ৰ কলা অধ্যায়বোৰৰ
এটা শব্দ
কিন্তু শুনিব কোনে?
বুজিব কোনে?
তুমিটো মোৰ আজিও অচিন।