প্ৰণয়ৰ নাগ পাশত থম মেৰিয়াই
আজীৱন তোমাক
বিচৰণ কৰিবা মোৰ মানসপটত
মুক্ত বিহংগিনী হৈ
আলোড়িত কৰি মোৰ শিৰা উপশিৰা
ৰন্ধ্ৰে ৰন্ধ্ৰে থাকিবা বৈ
এখনি স্ৰোতস্বিনী নদী হৈ
মৰমৰ জলাধাৰাৰ স্পৰ্শ পেলাই
উতপ্ত শোণিত শীতল কৰি
ৰাখিবা যৌৱনৰ প্ৰাণোচ্ছল হাঁহি বিৰিঙাই।

উটনুৱা মন মোৰ ৰাখিবা বান্ধি
প্ৰেমৰ আবিৰ ছটিয়াই
সুখ দুখৰ সমভাগী হৈ
জীৱন মোৰ নিবা আগুৱাই।

পাৰিলে উপহাৰ দিবা
এটি বট বৃক্ষৰ পুলি
জীৱনৰ অন্তিম ক্ষণত ছাঁ দিবলৈ
আৰু দিবা এপাহি খৰিকাজাঁই
আমোলমোল সুগন্ধিৰে
মন আমাৰ ৰাখিব পোহৰাই।

ছাঁ পোহৰৰ দোমোজাত পৰি
নাযাবা নিজক পাহৰি
পোৱা খিনিতে সন্তোষ্ট হৈ
চলাই নিবা সংসাৰ খনি
সু গৃহিনীৰ আদৰ্শক শিৰোগত কৰি
যুগ্ম জীৱন আমাৰ নিবা আগুৱাই
তাতোতকৈ বেছি আৰু তোমাৰ পৰা
আশা মই কৰা নাই।

Related Posts