শীতৰ মাদকতা আৰু
আমেজ লৈ,বৰদিনৰ ঘণ্টা ধ্বনি,
আৰু কেৰলৰ সুৰে সুৰে,
নৱবৰ্ষ
তুমি আহিবা দেই,
শুভ বাৰ্তা লৈ !
তোমাতেই মোৰ আশা উদ্দীপ্ত,
তোমাতেই মোৰ মন উন্মনা,
ৰচিছো ভবিষ্যতৰ সোনালী সপোন। 

তুমি আহিবা বুলি-------
মোৰ দুহাতেৰে সাজিছো জানা
তৰা ফুলৰ মালা। 
তোমাৰ দীঘল কেশত গুজি দিম,
মোৰ আলসুৱা দুহাতেৰে। 
সুৱাসে আমোল-মোলাই থকা
তৰা ফুলৰ মালা। 
হাতত ধৰা ধৰি কৈ যাম,
নৈ ঘাটৰ পাল তৰা নৌকাত বহি,
পাতিম সুখে-দুখে------
আগন্তক আলোকৰ কথা। 
নৱবৰ্ষ
তুমি আহিবা দেই,
শুভ বাৰ্তা লৈ! 
মই তোমাতেই আছো নীৰৱে ব্যাকুল হৈ,
মোৰ বিশাল হৃদয়ে বিচাৰে তোমাক। 
নৱবৰ্ষ
তুমি আহিবা দেই,
শুভ বাৰ্তা লৈ! 
প্ৰতিটো শুভ ক্ষণ প্ৰতিটো মূহুৰ্তত
তোমাৰ কোলাতে জিৰাই,
ভবিষ্যতৰ ৰঙীন সপোন
উজ্জ্বলাই তুলিবলৈ। 

Related Posts