স্পষ্ট কথা তোমাৰ,
মই আপোনাক ভাল নেপাওঁ,
সেই বাবে আপুনি মোকলৈ কোনোদিন নেদেখিব মিছাকৈ ৰঙীন সপোন ।
সেইদিনাৰ পৰাই,
কামিহাড়ৰ মাজত হৃদয়খনে দুখৰ ঘৰ এটা সাজিছিল নিজাকৈ।
কলিজা খন ভাঙিছিল মাটিৰ কলহ এটাৰ দৰে টুকুৰা টুকুৰ হৈ।
তাৰ পিছত সকলো সলনি হ’ল।
সময়ে সলালে বাগৰ ,
তুমিও হ’লা মুক্ত বিহংগৰ দৰে,
মোৰ বুকুৰ সেউজীয়াই এতিয়া তোমাক হাত বাউল দিলেও তুমি নোহোৱা ব্যাকুল।
এতিয়া আৰু ঢপলিয়াই নাহিলেও হ’ব
উদাসী সন্ধিয়াত মোৰ বুকুৰ খোৰোঙলৈ।
তথাপিও কিয় জানো অবুজনি মনে তোমাৰ
প্ৰতিতো খবৰ ৰাখে,
তুমি আজি ক’ত নাই !!!!!!
আকাশ ,বতাহ,ৰ’দ,বৰষুণত ?????
যতেই তুমি নাই তাতেই মই আধৰুৱা,
য’ত তুমি আছা তাতেই মই সাৰুৱা।
তুমি যিমান বাৰ নোকোৱা “মই আপোনাক ভাল নেপাওঁ”বুলি,
তাতোকৈ বহুবাৰ চিঞৰিম মই, আকাশ বতাহ কঁপাই”তোমাক ভালপাওঁ” বুলি,
“তোমাক ভালপাওঁ”বুলি,
মই যে হৃদয় বন্ধকীত থোৱা এজন মৰমৰ ভিক্ষাৰী।