আছেনে হিয়াত তোমাৰ
সেই পৰশমনি
যত গলাব পাৰি
আপোন হৃদয়খনি ।

আভিজাত্যৰ আবিৰ সানি
কোনেও নেদেখে প্ৰিয়া
ফাগুনৰ নঙঠা ডালত
বহাগৰ সেউজীয়া ৰং।

প্ৰাপ্তিৰে কিয়নো বিচৰা
প্ৰেমৰ ঠিকনা তুমি
ত্যাগেৰে বিচাৰি চোৱা
হীৰা হৈ জিলিকিবা তুমি।

ফুল হৈ ফুলি ৰোৱা
নন্দন বনত তুমি
সুবাস হৈ বিলাই দিয়া
সুগন্ধি ধৰাত।

Related Posts