“ভাষা মোৰ আজন্ম অধিকাৰ
মাতৃৰ মুখৰ অমৃত,
অনন্য আদিমতম কলা।
উষাহে-নিশাহে, সপোনে দিঠকে
যাৰ লগত একাত্ম হওঁ
হিয়াক হিয়াৰ বতৰা কওঁ।
মোৰ লোহিত ৰক্ত কনিকাৰ অন্য নাম
অসমীয়া,
ধমনিত চিৰ প্রবাহিত যাৰ অম্লজানত
জীৱন্ত মোৰ আত্মা।
তুমি, মই আৰু মোৰ গর্বিত ভাষা
অপৰাজয় যুগযুগান্তৰ।
আহা বন্ধু,
উলম্ব মেৰুদন্ডত ভৰদি
দুভৰিত থিয় হওঁ,
কচৰৎ কৰাে মোৰ ভাষাৰ,
ক্রমে দীঘল কৰি যাওঁ
প্রগতিৰ বর্নিল শোভাযাত্রা,
স্বাগতম হওঁক এক ৰদোজ্জল পুৱাৰ।”