চকুৱে যেতিয়া কথা কয়
শব্দবোৰ লুকাই ওঁঠত।
মৌন হৈ ৰয় ওঁঠ।

চাৰি চকুত জিলিকি
উঠে প্ৰেমৰ মাদকতা।

উশাহ বোৰ ঘন হয়।

হৃদয়ত বাজি উঠে প্ৰেমৰ বীণা।

বেলিয়ে লুকা ভাকু খেলে
বৰষুণৰ লগত।

বতাহত নাচে মন।
হৃদয়ৰ প্রজাপতি উৰি উৰি
যায় প্রিয়তমৰ দুবাহু বিচাৰি ।

দুটি মন এটি হৈ গাই গুণগুণ ,
বাজি উঠে মিঠা ৰুণজুন।

Related Posts