মাতাল মই,
মাতাল তুমি
মই ৰঙীন সুমথৰ ৰাগত
তুমি নানাৰঙী মুখাৰ আগত।
ক’ত বৰদৈচিলা আগতে
পৰাজিত হৈছে ,
তোমাৰ মৰম ভাল পোৱাঁ
বোৰৰ আগত।
কিন্তু..
তুমি মোৰ চকু যুৰিত
বিষাদ বিছাৰি পালাঁ
আৰু
কন্দুৱাই গলা মোৰ
হৃদয়ৰ অন্তৰ আত্মা।
কন্দুৱাব মইও জানোঁ
কিন্তু
তোমাৰ চকু যুৰিত
মই অশ্ৰু বৰষা নহয়
আওসীৰ জোনাক চাব বিছাৰিছিলোঁ।
আৰি লব বিছাৰিছিলোঁ,
তোমাৰ হাঁহি বোৰ
মোৰ হৃদয়ৰ থাপনাত।
আজিও মাতাল মই
তুমি এৰি আহাঁ
বিষাদ বোৰক লৈ।
তুমিওটো মাতাল আজিও
নানাৰঙী মুখাৰ।