ক’ত থ’ম মোৰ প্ৰেম
সোণালী আঘোণকে সুধিম
নেকি!
সোণ বৰণীয়া ধানৰ আঁহে
আঁহে
ৰাখিম নে মোৰ প্ৰেম,
তুমি বাউলী বতাহ হৈ চুই দিবা
আলফুলে!
মতলীয়া ফাগুনক সুধিমনে
পলাশৰ পাহে পাহে
ৰঙাই থ’বলে’,
তুমি পচোৱা হৈ বা দিবলে’
বসন্তৰ বুকুত ৰাখিম নেকি
মোৰ প্ৰেম
তুমি সেউজীয়া কুঁহিপাত হৈ
মোক সজাই দিবলে’!
বৰষাক ক’ম নেকি
সপোনৰ বৰষুণ জাক হৈ
মোৰ হৃদয় তিয়াবলে’
য’ত তোমাৰ প্ৰেমৰ ৰক্তজৱাই
সঁজাল ধৰিব নিৰৱে নিৰলে
আলফুল কুসুম কলি হৈ
মোৰ বুকুত সুবাস সিঁচি দিবা
মই দুহাত মেলি আঁকোৱালি
ল’ম
কলিজাৰ উমাল স্পন্দনেৰে।