তোমাৰ সুখবোৰৰ স’তে
মই উমলিব খোজোঁ
তোমাৰ দুখবোৰ
ধুই দিব খোজোঁ!
চাব খোজা নেকি?


বুকুৰ এটি বিশেষ ষ্টপেজত
ৰখাই থৈছো তোমাক
কোনোকালে সেই ষ্টপেজৰ পৰা
তুমি উভতি বাট বুলিব নোৱাৰিবা!
যি কথা কৈছিলোঁ
শৰতৰ শেৱালিৰ সুগন্ধি সানি
যি প্ৰতিশ্ৰুতি দিছিলোঁ
তোমাৰ দুচকুৰ নীলাত
মোৰ কলিজাটো ৰাখি
আজিও একেই আছে
সেই কথা সেই প্ৰতিশ্ৰুতি।


সৃষ্টিৰ তাড়নাত
বুকুত যেতিয়া হাহাকাৰ হয়
তোমাৰ সঁহাৰি বিচাৰি
মনপখী হাবাথুৰি খায়
তুমি জানো উমান পোৱা?
তুমি উপহাৰ দিয়া
বিশ্বাসৰ ছাটিটো লৈ
আগবাঢ়িছোঁ মই
কেতিয়াবা নিৰাশাৰ বৰষুণ জাকত তিতিছোঁ
কেতিয়াবা স্বপ্নীল ৰ’দৰ তীব্রতাত
কলিজাখনকেই জ্বলাইছোঁ!।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *