তেওঁৱেই কবি
যাৰ হৃদয়ত থাকে
সৰ্বোজ্বল অলংকাৰিক অনন্য অমেয়
অনুপম শব্দৰ খনি
যি সৃষ্টিৰ পৰশমনি।
অচৈতন্য হৃদয়ত চিন্ময়তা জগাই
তুমিয়েইচোন হোৱা সঞ্জিবনী সুধাৰ মন্দাকিনী
হৃদয়ে হৃদয়ে বোৱাব পৰা
প্ৰেম চঞ্চলা তৰঙ্গিনী।
তোমাৰ হৃদয়ত নিজৰি নিজৰি বয়
অনুভূতিৰ অনবদ্য অমৃত
ভক্তি প্ৰেম প্ৰাবল্যই য’ত নিৰবধি নিবিড়তাৰে
স্বপ্ন কৰে সাফল্য মণ্ডিত ।
নেলাগে যত শব্দৰ ভাঙনি
অনুভূতিৰে সিঁচি দিয়া
অৰ্থৰ অনুপম ৰেঙনি
হৃদয়াস্হ প্ৰতিটো শব্দত আকাশৰ বিশালতাৰে
যৌৱন নমাই দিয়া
চিৰ যৌৱনাকৈ গঢ়ি চিন্ময়তা ঢালি পুনু
অলংকাৰ পিন্ধাই দিয়া।
তোমাৰ হৃদয়েৰে ছন্দোবদ্ধ হয়
কত মন্দিৰৰ মংগল ধ্বনি
সন্ধ্যা ললিতা কান্তাইও কয়
কিমান শুনিব তাত নুপুৰৰ ধ্বনি
কবি তোমাৰ হৃদয় মহান
প্ৰেমৰ সৌধত নিৰবধি প্ৰেমৰ গান
সেয়াই তোমাৰ হৃদয় হয়
সত্য সুন্দৰৰ আবাস থলি
চিৰ বসন্তৰ প্লাৱন প্লাবিত
মহা প্ৰেম সত্যৰ মিলন ভূমি।