কোনো এটি নিচা লগা সন্ধিয়া
মুঠিত শব্দৰ সম্ভাৰ
শূণ্যৰ বুকু পুৰাবলৈ
শব্দৰ সৈতে টনা আজোঁৰা
উকমুকনিত আলোড়িত
মেটমৰা বাখৰুৱা শব্দৰ
তথাপিও প্ৰকাশ্যত জটিলতা
কিয় জানো চিৎকাৰ চিৎকাৰ
মাথো চিৎকাৰ
কেতিয়াবা আকৌ আলাসতে সৰে
শব্দ….পঞ্চ আঙুলিৰ
মুঠি সুলকি সুলকি পৰে
তেজ বতিয়াদি প্ৰবাহিত হয়
মনত মাথোঁ শব্দৰ ঝংকাৰ
শব্দই অকলশৰীয়া নকৰে যদিও
দুখীয়া কবিৰ
কিয় জানো নাটনি হয় শব্দৰ….!!