হিমচেচা আঙুলিৰ ফাকে ফাকে
নামি আহে শীত,
কুঁৱলীৰ মাজেৰে নিয়ৰে আহি
শীতল কৰি তোলে ধৰণী,,,স্মৃতিয়ে কঢ়িয়াই আনে
জুহালৰ কাষত লোৱা
আমেজবোৰ,
পুৱা-গধূলি জুইৰ কাষত বহি
কটোৱা মধুৰ সময়বোৰ,,,শীতৰ ঠেটুৱৈ ধৰা জাৰৰ
পৰিত্ৰাণ পাবলৈ
জুহালৰ কাষত বহা,
সকলোৱে মিলিজুলি লোৱা
চাহৰ জুতি আৰু
আলু-বেঙেনা পোৰা
এতিয়া এইবোৰ অতীত ,,,আইতাই জুহালৰ কাষত
নাতিহতঁক সাধুকথাৰে
দিয়া উমাল মৰমবোৰে
বাট বুলিছে সাধুকথালৈ ,,,শীতৰ জুহালৰ পকা অঙঠাৰ
পৰশত
বেমাৰও দিকভ্ৰান্ত হয়
ককা-আইতাৰ ককালৰ বিষেও
বাট বুলে ,,,শীতৰ জুহালৰ সোৱাদ লবলৈ
এতিয়া যেন
স্মৃতিৰ গহ্বৰত
তথাপিও অনুভৱ কৰিলো আজি
কবিতাৰ মাজত।