ৰাজপথত বহিছ
অনশন কৰিছ
প্ৰচেচন কৰিছ
চৰকাৰৰ বিৰুদ্ধে মাত মাতিছ
নিবনুৱা তহঁত৷
হাতত বন্দুক লৈ’ছ,
আইন হাতত লৈ’ছ,
ঘৰৰ পৰা ওলাই গৈ’ছ,
নিবনুৱা কমাব খোজ্
হে’ৰ নিবনুৱাহঁত৷
স্বাভিমান এৰ,
কষ্ট কৰিব শিক,
নিজে কৰিব শিক,
সৰু-বৰ এৰ
হে’ৰ নিবনুৱাহঁত৷
শিক্ষিত তহঁত,
জানই দেখোন তহঁত,
বছৰ বছৰ বৃদ্ধি হয় নিবনুৱাৰ সমদল
গা-বল সবল, ডেকাচাম তহঁত
লাজ কৰ তহঁত,
পইচা লাগে হাতত,
নিবনুৱা তহঁত৷
শ্ৰমিক নাই, উপায় নাই,
বাহিৰা লোকৰ উজান
বাধা দিয় তাত,
মাত মা’ত তাত,
কেনেকুৱা নিবনুৱা তহঁত৷
শ্ৰম ন’কৰ কিয়, পইচা বিচাৰ্ কিয়,
মুখেৰে নকয় তোক
শ্ৰম কৰ পইচা ল, দাদাগিৰি কিয়
নিবনুৱা দাদা জানো তহঁত৷
নিবনুৱা যদি হয় তহঁত
ৰাজপথত কিয়
পথাৰত যা,
চৰ অঞ্চলত যা,
চৰকাৰী সুবিধা ল,
বিজ্ঞানৰ সহায় ল,
কৃষিকৰ্ম কৰ,
মানুহ নিয়োগ কৰ
কৰ্মসংস্থাপন বঢ়া
তহঁত নিজেই পাৰিবি দেখুন
হে’ৰ নিবনুৱাহঁত৷
নিবনুৱাহতঁক ব্যৱহাৰ কৰোৱা
ৰাজনীতিকৰ কাম
দলেবলে যোগ দিয় তহঁত
তহঁতৰ জানো এইটো কাম৷
ৰাজনীতি জানো চাকৰি হয়
ৰাজনীতি জানো উদ্দেশ্য হয়
ৰাজনীতিলৈ তেনেহলে ঢাপলি কিয়?
হে’ৰৌ নিবনুৱাহঁত৷
চৰকাৰী চাকৰিনো কিমান আছে
তাতকৈ লাখ গুনে বেছি নিবনুৱা আাছে
চৰকাৰ আহিব যাব
চৰকাৰক দোষ দি লাভ কি হব৷
নিজে এইবোৰ ভাবি চা
নিজকে নিজে এবাৰ সুধি চা
তহঁতি নাভাবিলে ভাবিব কোনে
নিবনুৱা যে তহঁত৷
কোনোবাই কিবা কলে গাত লাগে
তাতে তহঁতৰ কেনা লাগে
ভেকাঁহি মাৰি উঠ
গাত গৰম তেজ
বৰ মতা দেখাও
বৰঘৰৰ লৰা
হয় জানো তহঁত
হে’ৰৌ নিবনুৱাহঁত৷
কিমান দিন থাকিবি নিবনুৱা সাজি
বাধ্যত পৰিবি
কিবা এটাতো কৰিবি
তেনেহলে এতিয়ানো নকৰ কিয়
মূৰ গুজ এতিয়াই
কিবা কৰ এতিয়াই
কৰ তহঁত এতিয়াই
ওলা তহঁত এতিয়াই
হে’ৰৌ নিবনুৱাহঁত৷
আহ, ওলা
জ্ঞান-বুদ্ধি লগা
শিক্ষাবোৰ ব্যৱহাৰ কৰ
শ্ৰমলৈ ৰূপান্তৰ কৰ
কৃষিক্ষেত্ৰ, উদ্যোগ, শিল্পকৰ্মত
নিজে প্ৰয়োগ কৰ৷
হেৰ, গুণী, জ্ঞানী, শিক্ষিত, পাৰ্গত
তহঁত নিবনুৱাহঁত৷