এনে নহয় যে অনুভূতি বোৰ নোহোৱা হৈ গ’ল
জীৱনৰ সমাধিত হে অনুভৱ সমাধিস্থ
তথাপি লিখিবলৈ মন গ’ল
শেষৰটো কবিতা

আবেগ বহুল হৃদয়খন সোলোকাই থৈ
অনুভৱৰ অনুভূতি বোৰ বাকি বাকি
লিখিলো শেষৰটো কবিতা

কলিজাটো চেপিব খোজিও থমকি ৰʼলো
কলিজাটো যে কেতিয়াবাই মৰি কেহৰাজ বৰণীয়া হৈছে
এতিয়া যে চেপিলেও
বিহপানীৰ বাহিৰে একোৱেই নোলাই

দলিয়াই পেলালো সংগোপনে পাবত গজা
অনামি সপোনবোৰ,শিল যেন কৰিলো মন
কথাবোৰ হৃদয়েৰে নহয় ভাবিবলৈ ললো মগজুৰে
লিখি পেলালো জীৱনৰ অন্তিম কবিতা

উশাহবোৰ দিব নোৱাৰোঁ
সেয়েহে নিশাহৰ সৈতে এৰিলো দীঘলীয়া হুমুনিয়াহ
ছাঁইৰঙৰ এন্ধাৰবোৰ ত্যাগিলো কৃত্ৰিমতাৰ বুকুত
হেপাঁহ পলুৱাই লিখিলোঁ শেষৰটো কবিতা।

Related Posts