গ্ৰন্থ প্ৰকাশ
ভাষা সাহিত্য সংস্কৃতিৰ উতৰোত্তৰ সাধন সাধি
দেশ জাতিৰ ভৱিষ্যত ঐশ্বৰ্য মণ্ডিত কৰাৰ
এক স্বনিত বৰ্ণিত প্ৰজ্ঞা প্লাৱিত
সোণালী সুন্দৰ পৱিত্ৰ প্ৰজ্ঞান বিলাসী
অনন্য অনৱদ্য বৰেণ্য প্ৰয়াস

অনন্য অনিবৰ্চনীয় অমল অনিন্দ্যসুন্দৰ
এই উচ্ছল উত্তাল সৎ সাহসী উৎসাহ
শুভেচ্ছা মিশ্ৰিত উন্মূক্ত আশীৰ্বাদ উৎকলিত
এজাক যেন সেউজ সুগন্ধি আলোকী বতাহ

অনুসন্ধিৎসু অধ্যয়ন অধ্যৱসায়ৰ
আন্তৰিক অনুৰণনৰ অনিৰুদ্ধ ধ্বনি প্ৰতিধ্বনি
স্বৰ্ণালী বৰ্ণালী সুক্ষ্ম শৈল্পিক অনুভূতিৰে শিল্পিত
ভাষা সাহিত্য সংস্কৃতিৰ জয়শ্ৰী পদধ্বনি

গ্ৰন্থ প্ৰকাশ স্বদেশ স্বজাতিৰ স্বকীয়
ভাষা সাহিত্যৰেই সুগ্ৰাঢ় সুদৃঢ় ভৱিষ্যত গ্ৰঢী
স্বৰ্ণালী বৰ্ণালী অস্তপথহাৰা সূৰ্য্য প্ৰকাশ
ভাষানাই শব্দনাই সৰ্বকলাও অসমৰ্থ
চন্দ্ৰায়িত কৰিবলৈ তাৰ আত্যুৎজ্জ্বল দীপ্তি
নিৰৱকাশ

Related Posts