তুমি মোৰ বা,
তুমি মোৰ ভণ্টী,
তুমি দাদা,
তুমি ভাইটি,
তুমি দেৱৰ,
তুমি মোৰ অন্তৰ জয় কৰা
অন্তৰংগ বন্ধু|
আমি কোনেও কাকো চিনি নাপাও|
কিন্তু ইমান আপোন কিয় বাৰু?
বিন্দীৰ সমান ফটোখনেই
একমাত্ৰ চিনাকী দাপোণ|
ফেচ বুকত টাইপ কৰা
আখৰ কেইটা ইমান আপোন!!
কিযে এক আন্তৰিকতা বহন কৰি
লৈ আহে কাষলৈ!
এইখন সংসাৰ ঘৰৰ ভিতৰত
আবদ্ধ নহয়,
এই খন সীমাহীন সংসাৰ|
ইংলেণ্ড, আমেৰিকা, স্পেইন, ভাৰত,
সাগৰ -মহাসাগৰ আদি একোৱেই বাদ পৰা নাই এই সংসাৰৰ পৰা|
“বহুত ধন্যবাদ বা” দূৰ-দূৰণীৰ পৰা
উৰি অহা আখৰকেইটাই কিযে এক
আন্তৰিকতা কঢ়িয়াই আনে হৃদয়লৈ!!
অথচ আজিলৈকে শুনিবলৈ পোৱা নাই মাত এষাৰ, ক’ত ঘৰ, কি কৰে,
একোৱেই নাজানো|
তথাপি ইমান আপোনভাৱ জাগে
কিয় বাৰু?
ফেচবুকত দিয়া পোষ্টবোৰত মোৰ
চিনাকী সংসাৰ খনৰ সদস্য সকলে
যেতিয়া সঁহাৰী নজনাই
অভিমানত মুখ ফুলি যায়|
লগতে চিন্তা হয়
“কিবা বিপদ হৈছেনে বাৰু?”
কিন্তু তেওঁলোকনো মোৰ কি হয়?
এইয়াই হৈছে আন্তৰিকতা|
এইখন সংসাৰত কোনো অকলশৰীয়া নহয় ,সকলোৰে থাকে
একোটা বিৰাট পৰিয়াল|