তোমাৰ দুচকুৰ জলন্ত অগ্নিশিখাত
দেই পুৰি মৰে কত জন,
ওঁঠৰ পৰাণ জুৰোৱা হাঁহিত জঁই পৰে
কহুঁৱা কোমল খৰিকাজাঁই।
তোমাৰ কবিতাৰ শব্দ তৰংগত
মই নিমজ্জিত হৈ পৰো।
কাব্যিক সুৰৰ পাৰ ভঙা বন্যাত
মই মিলি যাওঁ সংগোপনে
এটি মৃদু মধুৰ ছন্দ হৈ,
তোমাৰ আৱৰ্তমানত ঘূৰি ফুৰে
এজাক মৌ-মাখি ভোমোৰা
হৃদয়ৰ সহস্র সংবাদ বুকুত লৈ।
তুমিয়েই মোৰ হিয়া চুঁই যোৱা
এটি নিপোটল মিঠা কবিতা। ।