খণ্ড -১

পাহী বৰ ৰাংঢালী ছোৱালী। সকলো সময়তে মুখত হাঁহি, মাক-দেউতাকৰ আলাসৰ লাৰু। দেউতাক এখন চাহ বাগিচাৰ মেনেজাৰ সেয়ে তাইৰ শৈশৱ আৰু যৌৱন কাল বাগানতে পাৰ হ’ল। চাহ বাগিছা খনত যেন তাইৰ প্ৰাণটো সোমাই আছে। গধুলি ৰিনিকি ৰিনিকি বাজি অহা মাদলৰ সুৰ, ঝুমুৰ গীতৰ লগেলগে ভাহি আহা সুমধুৰ বাঁহীৰ সুৰ, আ্হ তাইৰ মন প্ৰাণ চঞ্চলা কৰি তোলে। তাই আপোনপাহৰা হৈ যায়। সচাঁয়ে কথাটো নোহোৱা নহয় চাহ বাগিছাৰ সেউজীয়াই সকলোৰে মন আকৰ্ষণ কৰে কিছু মূহুৰ্তৰ বাবে হ’লেও মানুহে নিজৰ অতীতৰ সুমধুৰ স্মৃতিলৈ ঘূৰি যায়।

স্কুলীয়া দিনত গৰম বন্ধত পাহী তাইৰ মৰমৰ পেহীয়েকৰ ঘৰত কটায়। পৰীক্ষা আৰম্ভ হোৱাৰ আগতে তাই পেহীয়েকলৈ খবৰ পঠিয়াই কোন দিনাখন পৰীক্ষা শেষ হ’ব? কোন দিনাখন পেহাক আহিব লাগিব তাইক নিবলৈ? তাই পেহীয়েকৰ ঘৰত থকা কেইদিন তাইৰ মতেই সকলো হয়। ৰাতিপুৱাৰ জলপানৰ পৰা ৰাতিৰ আহাৰলৈ সকলো তাইৰ পছন্দ মতে। তেতিয়া বাবুলৰ বৰ খং উঠে। (পেহীয়েকৰ ল’ৰা) কেতিয়া যে যাব এই বান্দৰী জনী বুলি মাকক কয়। হ’লেও ভনীয়েক জনীক চাইকেলত বহুৱাই সি সদায় গাওঁ খন এপাক মাৰিবয়ে। বন্ধ শেষ হোৱাৰ আগত তাই ঘৰলৈ গুছি যায়। পেহীয়েক জনীৰ মনটো দুদিন মান বেয়া লাগি থাকে।
দিনবোৰ বাগৰিব ধৰিলে লাহে লাহে পাহী ও এজনী দীপলিপ ধুনীয়া গাভৰু জনী হৈ পৰিল। এতিয়া তাই পেহীয়েকৰ ঘৰলৈ গ’লে ককায়েক বাবলুয়ে নিব আহে আৰু থবলৈ ও আহে।
ব’হাগ বিহুৰ প্ৰথম দিনা তেওঁলোকৰ তাত বিহুৰ বৰ ডাঙৰ শোভাযাত্ৰা হয়। তাইৰো যাবৰ মন সেয়ে ককায়েকক মাতি পঠিয়ালে কাৰণ দেউতাকে অকলে লগৰ ছোৱালীৰ লগত যাব নিদিয়ে।
কথামতেই ককায়েক আহিল। তায়ো মেখেলা চাদৰ পিন্ধি সাজো হৈ ৰৈ আছিল।
বাবলু — অই ভন্টি হ’ল নে তোৰ আহ সোনকালে।
পাহী ওলাই আহিল। পাছে পাছে পাহীক মাক-দেউতাক, অই বাবলু এইক ভাল দৰে নিবি। বৰ ভিৰ হয় তাইৰ হাত খন ধৰি ৰাখিবি বুলি মাকে কলে।
পাহী — হ’ব দিয়া পাৰিলে পঘা দালকে দিয়া, বান্ধি ল’ব দাদাই মোক। কৈ হাঁহিব ধৰিলে। তাইৰ কথাত আটায়ে হাঁহিব ধৰিলে।
বাবলু — আজি মোৰ ফালে চেটেপ। তোক এইদৰে লৈ ফুৰিলে আন ছোৱালীয়ে মোক নাচাবয়ে। আগৰ পৰা বুকিং বুলি।
পাহী — এহ হ’ব দে যি তোৰ চেহেৰা।
এনেকৈ ধেমালি কৰি কৰি আহি চহৰ পালেহি।
পাহীৰ কি আনন্দ চাৰিওফালে লোকে লোকাৰন্য। সৰুৰ পৰা ডাঙৰলৈ সকলো ছোৱালীয়ে মেখেলা চাদৰ পিন্ধিছে। ল’ৰা বোৰৰ কান্ধে কান্ধে একো একোখন ফুলাম গামোচা। শোভাযাত্ৰা আৰম্ভ হ’ল বাৰে বৰণীয়া কৃষ্টি -স্ংস্কৃতিৰ এক অলৌকিক মনোমোহা দৃশ্য। ককায়েকে তাই হেৰাব বুলি হাত খন পাৰে মানে টানকৈ ধৰিছে।
বাবলু — ভনী বৰ ভিৰ হৈছে। লাহে লাহে আগ বাঢ়ি ওলাই যাম দেই।
পাহীয়েও হ’ব ক’লে। তেনেতে তাইৰ চকু গ’ল তাইৰ বিপৰীত ফালে ৰৈ থকা ল’ৰা এজনলৈ সি ইমান সমাগমৰ মাজতো তাইক ৰ’ লাগি চাই আছে। তাইৰ খ্ং উঠিছিল। কি ল’ৰা এইটো ছোৱালী নেদেখা নিচিনা কৈ চাই আছে। তাই মুখ খন চাদৰৰ আগে দি ঢাকি ললে।
সিহঁতি যিমানে আগুৱাই। ল’ৰা জনেও তাৰ লগৰ কেইটাৰ লগত আগুৱাই। অৱশেষত সি সিপাৰৰ পৰা আহি প্ৰায় সিহঁতৰ কাষ পালেহি। তাইৰ হাতত বাবলুক ধৰি থকা দেখি ল’ৰাজনৰ মুখখন ক’লা মলা হৈ গ’ল। পাহীয়ে তাৰ সেতা পৰা মুখ খন দেখি গম পালে তাৰ কাৰণ আৰু অনিচ্ছা সত্ত্বেও তাই বৰ জোৰেৰে হাঁহিলে।
বাবলু — কি হ’ল অ’ ভনী। হাঁহিছ যে গৰমতে পাগলী হলি নেকি তাইক জোকাই আছে। তাইৰ খ্ং উঠিল, পিছফালৰ পৰাই দাদা বুলি অভিমান কৰি তাৰ পিঠিত মাৰি মাৰি গৈ থাকিল।
পাহীয়ে বাবলুক দাদা বুলি মাতা শুনি ল’ৰা জনৰ বৰ ভাল লাগিল। সি আকৌ বেলেগ কিবায়ে ভাবিছিল।
এয়ে প্ৰথম দেখা পাহী আৰু ল’ৰা জনৰ।

খণ্ড-২

খণ্ড-২

পাহী আৰু বাবলুয়ে বাছত উঠিল। বহুত ভিৰ থিয় হৈ কোনোমতে ঘৰলৈ আহিল। বাছত উঠালৈ সি তাইক চাই পঠিয়াইছিল। এই ক্ষেত্ৰত লগ বন্ধু বোৰ কম নহয়। উঠি পৰি লাগিল বন্ধুক সহায় কৰিবলৈ।
দিনবোৰ বাগৰিব ধৰিলে পাহীৰ কলেজ খুলিলে। এইফালে ল’ৰা জনে তাইৰ সম্পূৰ্ণ নাম ঠিকনা ওলিয়াই ল’লে। কলেজৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী তাই। কলেজৰ পৰা কিছু আঁতৰত তাক দেখি তাই আচৰিত হ’ল। তেতিয়াও সি তাইকে চাই আছিল। তাই নেদেখাৰ ভাও ধৰি খৰধৰ কৈ কলেজৰ গেটৰ ভিতৰলৈ গ’ল গৈ। আজি পাহীৰ মনটো একেবাৰে কলেজত বহা নাছিল। কিয় বাৰু এই ল’ৰা টো তাইক অকল চাই থাকে। আজি কলেজ চুটি হ’লে সুধিব তাই।
২ টা বাজিল কলেজ চুটি হ’ল। তাই ইফালে সিফালে চকু ফুৰাই চালে ল’ৰা জনক দেখা পায় নেকি বুলি। নাই দেখোন। তাই বাছত উঠিব লওঁতেই তাক দেখা পায় ৰৈ দিয়ে।
পাহী — হেল্ল’ শুনকচোন, আপুনি কিয় মোক মানুহ নেদেখাৰ দৰে চাই থাকে।
তাইৰ কথাৰ সি একো উত্তৰ দিব পৰা নাছিল। মুখৰ মাত নোহোৱা হ’ল। সি একো নকৈ আঁতৰি গ’ল। দূৰৰ পৰা তাৰ বন্ধু দিগন্তয়ে তাক চাই আছিল। পাহী বাছত উঠি গুছি গ’ল। সি ও তাৰ বন্ধুৰ ওচৰত আহিল। দিগন্তয়ে পাৰে মানে তাক গালি দিলে। কাৰণ ৰাতিপুৱাৰ পৰা সিও তাৰ লগত ৰৈ আছিল পাহীলৈ। দিগন্তয়ে ধমক দি কৈছিল তই যদি অহাকালি পাহীক তোৰ মনৰ কথা নকৱ মই য়ে কৈ দিম। দুয়ো বন্ধু চাইকেল চলাই চলাই ঘৰলৈ বুলি ৰাওনা হ’ল।

দ্বিতীয় দিনা

দিগন্ত কলেজৰ গেটত ৰৈ আছে হাতত এটা বগা খাম। ল’ৰা জনে আজি বহু দূৰৈত ৰৈ আছে। পাহী আহি কলেজৰ গেট পাইছেহে, শুনকচোন। অচিনাকী মানুহজনৰ মাতত তাই ৰৈ যায়, — হয় কওক,
দিগন্ত — নমস্কাৰ। মোৰ নাম দিগন্ত। মোৰ বন্ধু এজনে আপোনাক বৰ ভাল পায়। কিন্তু সি কথাষাৰ কবলৈ সাহস কৰিব পৰা নাই। ইয়াত সকলো লিখা আছে, এইখন লওক কৈ বগা খাম টো দি খৰধৰকৈ আহো দেই কৈ আঁতৰি গ’ল।
পাহীও খামটো বেগত ভৰাই ক্লাছ ৰুমলৈ গ’ল। কলেজ চুটি হ’ল তাই ওলায়েই চালে পাগলটো আছে নেকি বুলি। তাক নেদেখি তাই মনতে ভাবিলে হে হৰি বাচিলোঁ কৈ বাছত উঠি ঘৰ পালেহি। আহিয়ে তাই বেগ টো থৈ বাথৰুমলৈ গা পা ধুয়ে। তাৰ পাছত ভাত কেইটামান খাই বিছনাত বাগৰ দিয়ে। হঠাৎ খামটোৰ কথা মনত পৰিল। খামটো খুলিলে এখন চিঠি আছে। বৰ ধুনীয়া গোট গোট আখৰ। চিঠি খন পঢ়িলে হয় পিছে তাৰ উত্তৰ নাই তাইৰ ওচৰত। অহ্ মহাশয়ৰ নাম প্ৰণৱ কৈ হাঁহিব ধৰিলে।
পিছদিনা সি উত্তৰৰ আশাত ৰৈ আছিল। কিন্তু তাই কোনো ফালে নোচোৱাকৈ কলেজত সোমাই গ’ল। ছুটি হ’লেও খৰধৰকৈ বাছত উঠি গুছি যায়। প্ৰণৱৰ এই কেইদিন খোৱা-বোৱা শুৱা একো থিক নাই। তাৰ মন একেবাৰেই বেয়া। সি যে তাইক বৰ ভাল পাই পেলালে।
কিছুদিন পিছত কলেজ চুটিৰ পাছত পাহী ৰ’বাচোন অলপ। পাহী ঘূৰি চাই। অ’ আপুনি।
প্ৰণৱ — তুমি মোৰ প্ৰশ্নৰ উত্তৰ নিদিলা।
পাহী — মই একো ভাবি পোৱা নাই। মই আপোনাক চিনি নাপাওঁ। আপোনাৰ বিষয়ে একো নেজানো। এইক্ষেত্ৰত মই আপোনাৰ প্ৰস্তাৱ কেনেকৈ গ্ৰহণ কৰোঁ।
প্ৰণৱ — মই তোমাক বৰ ভাল পাওঁ। তুমি মোক ভাল নাপালেও মই তোমাক ভাল পায় থাকিম।
তাই তাৰ মুখলৈ চালে তাৰ চকুত চকু পানীৰে চলচলিয়া হৈ পৰিছে। তায়ো কিছু আবেগিক হৈ পৰিল। হ’ব আপুনি মন বেয়া কৰিব নালাগে। মই আপোনাৰ লগত কালি কথা পাতিম। আজি লৈ আহো। দেৰি হ’লে ঘৰত মায়ে চিন্তা কৰিব। এই কৈ দুয়ো ঘৰা ঘৰি হ’ল।
পাহীৰো আজি একো ভাল লগা নাই। প্ৰণৱৰ মৰম লগা মুখ খনে তাইক বাৰে বাৰে আমনি কৰিছে। এক অবুজ মিঠা মিঠা বেদনাই তাইক বেৰি ধৰিছে। ৰাতি দূৰৈৰ পৰা ভাহি অহা মাদলৰ সুৰে তাইক মতলীয়া কৰি তুলিছে।
কালি তাই প্ৰণৱক লগ কৰি তাই নিজৰ মনৰ কথা ক’ব। প্ৰণৱৰো একেই গতি ওৰে ৰাতি উজাগৰে কটালে।
প্ৰণৱ সোনকালে আহি পাহীৰ অপেক্ষাত বাছ ষ্টেণ্ডত ৰৈ আছে লগত বন্ধু দিগন্ত। পাহী ও আহি পালে।
পাহী — ব’লা আজি মই ক্লাছ নকৰোঁ। তোমাৰ লগত কথা আছে।
প্ৰণৱ — তুমি ক্লাছ কৰি লোৱা। মই ৰৈ থাকিম।
পাহী — হ’ব ৰৈ থাকিব নালাগে।বলা।
দিগন্ত প্ৰণৱক ইংগিত দি আঁতৰি যায়। প্ৰণৱে সুধিলে কোনফালে যাবা।
পাহী — মই চাহ বাগান বৰ ভাল পাও। বলা টিলিঙা মন্দিৰ ফালে যাওঁ। দুয়ো গৈ মন্দিৰ পালে। তাতে বহিল কিছু পৰ। কাৰো মুখত মাত নাই। তেনেতে প্ৰণবে ক’লে,পাহী কিবা কোৱা।
পাহী — কি সুধিম ভাবি নেপায়, তুমি কি পঢ়ি আছা? সুধিলে।
প্ৰণৱ — মই বিএ পাছ কৰি এনেয়ে আছো। চাকৰি বিচাৰি আছোঁ।
পাহী — এম এ কৰা আকৌ। প্ৰণৱে ঘৰুৱা অসুবিধা ক’লে। পাহীও বৰকৈ সুধি নেথাকিলে।
পাহী — শুনা প্ৰণৱ, মই তোমাক ভাল পাওঁ নে নেপাওঁ মই নিজেই নাজানো। মই পঢ়ি লওঁ। তুমি যেতিয়াই চাকৰি পাবা ,মোক মোৰ ঘৰত গৈ খুজিবা। মই তোমলৈ আহিম। আজি এই মন্দিৰত মই তোমাক কথা দিলোঁ।
পাহীৰ কথাত প্ৰণৱ উৎফুল্লিত হ’ল। সঁচাকৈ তুমি মোলৈ আহিবা!
পাহী — লাজ লাজ কে মূৰ দুপিয়ালে। আজিয়ে আমাৰ শেষ দেখা। মই বিএ পাছ কৰি লওঁ তুমি ও ভাল চাকৰি এটা বিচাৰা। তেতিয়া লৈ বাই বাই।
প্ৰণৱ — মই যে তোমাক নেদেখা কৈ থাকিব নোৱাৰো। পাহীয়ে ক’লে পাৰিবয়ে লাগিব। আমি চিঠিতে মনৰ ভাব-ভাৱনা লিখিম। দুয়ো য়ে নিজৰ ঠিকনা দিলে। প্ৰণৱে তাইক ঘৰৰ ওচৰলৈকে থৈ নিজৰ ঘৰলৈ গ’ল গৈ।
এটা বছৰ পাৰ হ’ল। প্ৰণৱে তাৰ খুড়াকৰ ল’ৰাক পাহীৰ লগত চিনাকি হ’বলৈ কলে। সিওঁ এবাৰ তাইক চাব বিচাৰে
পাহীও না ক’ব নোৱাৰিলে। চিঠিৰ দ্বাৰা ই সকলো থিক হ’ল ক’ত কেতিয়া দেখা হ’ব।
সেইমতেই প্ৰণৱ তাৰ খুড়াকৰ ল’ৰা লগত আহিল। পাহীও আহিল। তিনিও বাছ ষ্টেণ্ডত লগ হ’ল। তিনিও পাৰ্ক তে বহিল। প্ৰণৱে ভায়েকক চিনাকি কৰাই দিলে। দুয়ো খুব কথা পাতিছে যেন পুৰণা চিনাকি। প্ৰণবৰো ভাল লাগিছে পাহীৰ এই বন্ধুত্ব সুলভ গুণটো চাই। দুয়োক কথা পাতিব দি সি দুকানৰ পৰা খোৱা বস্তু আনিব গ’ল।
পাহী — অ’ ভাইটি এওঁৰ ঘৰত কোন কোন আছে নো? আমাৰ চিনাকী হোৱা এবছৰ হ’ল। মই যে বৰ পাগলী আজি লৈ এদিনো সুধা নাই।
ভাইটিও অবাক। কি বৌ ! মানে হ’ব লগীয়া বৌ সচাঁকৈ আপুনি নাই সুধা। দাদায়েও কোৱা নাই।
পাহী, নাই ময়ো সুধা নাই তেওঁ আজিলৈ কোৱা নাই।
ভাইটি — দাদাৰ আপোন বুলিবলৈ কোনো নাই। সি মোৰ নিজৰ বৰদেউতাৰ ল’ৰা। আমাৰ ঘৰতে পঢ়ি শুনি ডাঙৰ হ’ল। পাছত ক্লাছ ৯ ত আমাৰ পেহীয়ে তাক পঢ়াবলৈ লৈ আহে।
পাহী — কৌতূহলেৰ এওঁৰ মাক-দেউতাকৰ কি হ’ল। তোমালোকৰ ঘাই ঘৰ ক’ত!
ভাইটি — আমাৰ ঘাই ঘৰ ডিব্ৰুগড়ত। মই দাদাক লগ কৰিব আহিছো। দাদাই আপোনাৰ কথা কৈ থাকে সেয়ে আপোনাকো লগ কৰিব
যাওঁ ভাবিলো। বৌ আপুনি কেতিয়া ও দাদাক এৰি নিদিব সি বৰ ভাল পায় আপোনাক। মৰি যাব সি আপুনি এৰি দিলে। বৰ দুখ তাৰ অন্তৰত।

পাহী — আগে কোৱা তেওঁৰ মাক-দেউতাকৰ কথা। দাদা জন্ম হোৱাৰ আগতে বৰদেউতাৰ অকাল মৃত্যু হয় আৰু দাদাক জন্ম দিয়ে বৰমা ঢুকাল। আমাৰ মায়ে তাক বৰ কষ্টত ডাঙৰ কৰিলে। আপুনি দাদাক কেতিয়া ও নেৰিব বৌ। বৰ ভাল পায় সি আপোনাক। ভাইটিয়ে প্ৰণৱৰ সৰু কালৰ সকলো কথা বিবৰি ক’লে।
পাহীও নিজৰ চকু পানী ধৰি থব পৰা নাছিল। হুকহুকাই কান্দি দিলে। প্ৰণৱলৈ হিয়াত মৰম বাঢ়ি উঠিল।
তেনেতে প্ৰণৱ আহি পালে। দুয়োকে বৰ গহীন গহীন দেখি সুধিলে। আৰে কি হ’ল ইমান মনে মনে বহি আছা যে তোমালোকে।
পাহী বহাৰ পৰা উঠি প্ৰণৱক মৰমতে সাবতি ধৰিলে। ভায়েক থকা বাবে প্ৰণৱে অলপ লাজো পাইছিল। চাও চাও এৰা বুলি ক’লে। ভায়েকে আকৌ বৌয়েকৰ ফলীয়া, নেৰিবা বৌ ধৰিয়েই থকা। কাৰণ ভায়েকে গম পাইছে পাহীয়ে তাক সাবতি ধৰা কাৰণটো।
ভায়েকে ককায়েকে খাবলৈ অনা বাদাম এভাগ লৈ সিহত দুয়োক কথা পাতাৰ সুযোগ দি অলপ আতৰি যায়।
পাহী — ময়ো তোমাক বহুত ভাল পাওঁ। এৰি তো নোযোৱা তুমি মোক !
প্ৰণৱ — ধেইট পাগলীজনী কি যে কোৱা । মই এই সোমবাৰে দুলিয়াজানত যাম ইন্টাৰভিও এটা আছে ।
পাহী — অ’ সচাঁ বৰ ভাল খবৰ। শুভেচ্ছা থাকিল। ইয়াৰ পিছত তেওঁলোক নিজ নিজ ঘৰলৈ যায় গৈ।

এয়ে জীৱনৰ শেষ আৰু অন্তিম দেখা দুয়োৰে। পাহীও হয়তো সপোনতো ভবা নাছিল যে জীৱনৰ আৰু কোনো বাটতে তাই তাক লগ নাপাব। এদিন প্ৰণৱৰ চিঠি আহিল তাৰ ইন্টাৰভিউ ভালে হ’ল। অহা মাহত জইন কৰিব। তাইৰ ফূৰ্তিৰ সীমা নাই। তায়ো ভালদৰে পঢ়াত লাগিল। এইদৰেই দিন মাহ এটা বছৰ পাৰ হ’ল। প্ৰণৱে তাৰ নতুন ঠিকনাটো দিলে। এই ঠিকনাতে তাই চিঠি পঠিয়াই থাকে। তাইৰ বিএ দ্বিতীয় বাৰ্ষিকৰ পৰীক্ষা আৰম্ভ হ’ল। সেয়ে তাই পৰীক্ষা পাছতহে চিঠিৰ উত্তৰ পঠিয়ালে। লাহে লাহে প্ৰণৱৰ পৰা চিঠি অহা কম হৈ গ’ল। তাই ভাবে কামত ব্যস্ত বাবে চিঠিৰ উত্তৰ দিব পৰা নাই বুলি। তাইৰ মনটো বেয়া লাগে, একোতে মন নবহা হ’ল। নিজানত তাই কান্দে কাৰণ প্ৰণৱ তাইৰ প্ৰথম প্ৰেম। অৱশেষত সি একেবাৰেই চিঠি নিদিয়া হ’ল। পাহীয়ে কেইবাখনো চিঠি পঠিয়ালে কিন্তু এখনৰো উত্তৰ ঘূৰি নাহিল। তাইৰ মনটোয়ে হাহাকাৰ কৰি তুলিছে। কিবা অঘটন হ’ল নেকি। তাই তাৰ কোনো লগ বন্ধুক চিনি নাপাই। দিগন্তকো এবাৰ হে লগ পাইছে। তাৰো তাই ঠিকনা নাজানে। ভায়েকৰ লগত চিনাকি হ’ল যদিও ঠিকনাটো লোৱা নহ’ল। তাইক এইদৰে থকা দেখি মাক দেউতাকৰ চিন্তা হ’ল। তেওঁ লোকে ভাবিছে পৰীক্ষাৰ ৰিজাল্টৰ কথা চিন্তা কৰি তাই এইদৰে আছে।
দেউতাকক মাকে ক’লে যে তাইক দুদিন মানৰ বাবে পেহীয়েকৰ তাত থৈ আহিবলৈ। কাৰণ পেহীয়েকক তাই বৰ ভাল পায়। সেয়ে তাইক দেউতাকে পেহীয়েকৰ তাত থৈ আহিল। প্ৰথম তাই নাযাওঁ কৈছিল কাৰণ তাই এতিয়াও প্ৰণৱৰ চিঠি লৈ আগ্ৰহেৰে বাট চাই আছিল।
পেহীয়েকৰ ঘৰতো তাই বৰ মনে মনে থাকে। পেহীয়েকে মৰমতে মেমচাহাব আজি খানাত কি বনাম। তাই হ’ব তোমালোকে যি খাবা তাকে দিবা। পেহীয়েকেও কান্দি দিলে অ’ বেটি মোৰ কলিজা জনী কি হৈছে তোৰ। ক’চোন মোক।
পেহীয়েকক কন্দা দেখি, নাই পেহী একো হোৱা নাই। পৰীক্ষা এইবাৰ বৰ ভাল হোৱা নাই। সেয়ে চিন্তা লাগি আছে। মা -দেউতাৰ কিমান আশা আছে মোলৈ কৈ পেহীয়েকৰ ডিঙিত ধৰি কান্দিলে। তাইক এইদৰে কন্দা দেখি ককায়েক আৰু পেহাকো দৌৰি আহিল। তাই যেনেকৈ কান্দিছে যেন তাইৰ কোনোবা আপোনজনৰ মৃত্যু হৈছে।
পেহাকে ক’লে অ’ আমাৰ ফেচিৰ কি হ’ল। ককায়েকে ও কৌতূহলেৰে কি হৈছে ভনী। কিয় এনেখন কৰিছ। গা বেয়া নি তোৰ। নে ঘৰলৈ মনত পৰিছে। তেতিয়া পেহীয়েকে কাৰণটো ক’লে। পেহাকে এহ্ একো নহয় তই ভালকে পাছ কৰিবি দে কন্দা কটা খন নকৰ।
ককায়েকে জোকালে ভাল হে ফেল কৰিলে ভাল চাই দৰা এটা বিচাৰি বিয়া দি দিম।
তাই লগে লগে ককায়েকক মাৰিবলৈ খেদি গ’ল।

অন্তিম খণ্ড

তাই অতীতলৈ ঘূৰি যায় প্ৰণৱক বিচাৰে। মনতে ভাবে সি এইদৰে তাইক এৰি ক’ত গ’ল গৈ। আজিলৈ কোনো খা খবৰ নাই তাৰ। সিদ্ধাৰ্থয়েও তাই লৈ মন কান নিদিয়া হ’ল। সি অফিচৰ কামত দুই চাৰিদিন বাহিৰত গলেও সি ফোন এটা নকৰে। তাইহে সময়ে সময়ে ফোন কৰি খবৰ লয় ভাত খালা নে নাই? হোটেল পালা নে নাই? কেতিয়া আহিবা? আদি।
পাহীৰ শৰীৰ লাহে লাহে দুৰ্বল হৈ আহিল। গাৰ ৰং ও ক’লা পৰি আহিছে। তাই প্ৰায় আগ ফালৰ বাৰান্ডা খনতে বহি সময় পাৰ কৰে। খোৱা-বোৱা ৰ প্ৰতিও ৰাপ নাইকীয়া হ’ল নোখোৱা কৈয়ে গোটেই দিন পাৰ কৰে আজি তাইৰ গা খোবেই বেয়া। ঘৰলৈ মনত পৰিছে। তাই খেলা ধূলা কৰি ডাঙৰ হোৱা তাইৰ হেঁপাহৰ বাগিছা খনলৈ বৰকৈ মনত পৰিছে। প্ৰণৱক লগ পোৱা দিনবোৰলৈ মনত পৰিছে। তাই যেন উৰি গুচি যাব মাকৰ ঘৰলৈ। খুউব কান্দিছে তাই। সিদ্ধাৰ্থ লৈ ফোন এটা কৰিলে। নাই ফোন ধৰা নাই। বাৰ বাৰ ফোন কৰিলে তথাপিও ধৰা নাই। তেতিয়া নিশা ৯ বাজিছিল। সি হয়তো ভাত খাবলৈ গৈছিল। তাই বাৰান্ডাৰ পৰা আহি বিছনাত শুই পৰিল। মাজৰাতি ১২ বজাত সিদ্ধাৰ্থ য়ে তাইলৈ ফোন কৰে। ফোনটো বজাত তাই সাৰ পালে। চাই সিদ্ধাৰ্থৰ ফোন। তাই কোনোমতে কথা পাতে। সিদ্ধাৰ্থয়ে কয় সি লগৰবোৰৰ লগত আজি পাৰ্টি কৰিলে। কালি সকলোয়ে নিজ নিজ ঘৰলৈ যাবগৈ বুলি। ফোনটো বজা সি গম পোৱা নাছিল। পাহীয়ে মাত্ৰ ক’লে তুমি সোনকালে আহা মোৰ গা বেয়া। তাৰ যেন এইটোও শুনিব সময় নাই। নিজৰ কথায়ে কৈ গ’ল। তাৰ কথাৰ মাজতে পাহীয়ে কি ক’লে সি গমেই নাপালে। সি যে সলনি হৈছে। হয়তো সি নিজে গমেই পোৱা নাই। লগ বন্ধু পাৰ্টি, এইবোৰে যেন তাৰ জীৱন। য’ত পাহীৰ কোনো ঠাই নাই। তাইৰ পৰা যে সি বহু দূৰত আঁতৰি গ’ল। সি ধৰিবয়ে পৰা নাই।

আজি সিদ্ধাৰ্থ আহিব সেয়ে পাহীৰ মনটো ভাল লাগি আছে। গোটেই দিন বাট চাই আছে। বহুত পলম হোৱা বাবে ফোন কৰিলে। এইবাৰ সিদ্ধাৰ্থ প্ৰায় খঙত উত্তৰ দিলে। কাৰণ পাহীয়ে ৰাতিপুৱাৰ পৰা কেইবাবাৰো ফোন কৰিছিল। আগতে কোনো দিনে সি তেনেকৈ তাইক কোৱা নাছিল। তাই ভাঙি পৰিল। তাই বাৰান্ডাৰ চকী খনত ঢলি পৰিল। কোন সময়ত প্ৰাণপখী উৰি গ’ল কোনো গম নাপালে। হয়তো সিদ্ধাৰ্থ য়েও জনা নাছিল।এইবাৰে যে সি শেষবাৰলৈ পাহীৰ মুখৰ মাত পাইছিল।

পিছদিনা ৰাতিপুৱা ৩ বজাত সি ঘৰলৈ আহে। সি আহি গেট খুলি দেখে পাহী বাৰান্ডাতে শুই আছে। পাহীক মাত লগাই কিন্তু তাই কোনো উত্তৰ নিদিলে। সি ভাবিলে তাই খঙতে মাত দিয়া নাই। সি ভিতৰ সোমাই কাপোৰ কানি সলাই বিছনাত শুই পৰিল। সুৰাৰ নিচা থকাৰ বাবে সি বিছনাত পৰা লগে লগেই টুপনি যায়। দুপৰীয়া থিক ১ টা বজাত সাৰ পাই পাহীক মাত দি কয় অলপ চাহ দিবলৈ তাৰ বৰ মূৰ বিষাইছে। কিন্তু তাই চাহ লৈ নাহাত তাইক মাতি মাতি শোৱা কোঠাৰ পৰা ওলাই যায়। ঘৰৰ ভিতৰত নেদেখি বাহিৰলৈ যাব লওঁতেই দেখে বাৰান্ডাৰ চকী খনত তাই অচেতন হৈ পৰি আছে। সি পাহী উঠা ইয়াতে এইদৰে শুই আছা যে। তাই কোনো উত্তৰ নিদিয়া দেখি। সি লগে লগে তাইক চিকিৎসালয়লৈ লৈ যায়। পাহী উঠা উঠা প্লিজ উঠা। গোটেই বাট সি তাইক মাতি আছিল। সি গমেই পোৱা নাই যে পাহী আৰু এই পৃথিৱীত নাই। চিকিৎসালয়ত চিকিৎসকে তাইক মৃত বুলি কয়।

সিদ্ধাৰ্থয়ে খুউব চিঞৰি চিঞৰি কান্দে আৰু বাৰে বাৰে ক্ষমা খোজে। পাহীৰ নিথৰ দেহক সাৱটি সি বহি থাকিলে।
এইদৰেই পাহীৰ জীৱনৰ অন্ত পৰিল। মনত দুখ বেদনালৈ, কাকো মনৰ কথা ক’ব নাপালে তাই।
আজি সিদ্ধাৰ্থ অনুতপ্ত কিন্তু পাহী জানো ঘূৰি আহিব।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *