এনেকুৱাই হয়তো দুৰ্গম দুৰ্ভেদ্য

মোৰ অনঙ্গত এতিয়া
অনন্ত নিৰাশাৰে নিৰস
উলঙ্গ পৃথিৱীৰ নিৰ্জল নদীৰ
নিৰ্বাক বসন্ত

নিসঙ্গতাৰে নিৰ্জন নিশীথৰ পথে পথে
অক্লান্ত মানসিকতাৰে ধিমাই ধিমাই জ্বলে
অৱশ বিৱশ নিৰীহ নিৰীক্ষক নক্ষত্ৰ

কিযে আশ্চৰ্য্য
দুৰ্দ্যম্য দুৰ্বাৰ তৃষাৰ ইন্দু উজ্জ্বল সিন্ধুৰ
সাৰংগিক সিদ্ধান্ত

নিৰ্বাক বসন্তৰ বিৱশ নক্ষত্ৰৰ বক্ষত
সতেজ স্বপ্নৰ নিস্তেজ চিঞৰ
অবিশ্ৰান্ত
নিস্তব্ধ চৌদিশ বিৱৰ্ণ দিগন্ত

এনেকুৱাই হয়তো
বদান্যতা উজ্জ্বল পৱিত্ৰ প্ৰেমৰ পথ
কন্টকাকীৰ্ণ পঙ্কিলতাৰে
দুৰ্গম দুৰ্ভেদ্য

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *