বুকুৰ কেঁচা ঘা টুকুৰা
আৰু নুখোঁচৰিবি, অ’ সোণ;
আৰু নুখোঁচৰিবি।
বৰ অসহনীয় তাৰ বিষ,
বৰ অসহনীয়।
জন্মৰে পৰা কঢ়িয়াই লৈ ফুৰা ঘা টুকুৰা
সদায়ে কেঁচা হৈয়ে থাকে;
মোৰ কলিজাৰ উমেৰে তহঁতক
জিপাল কৰিব বিচাৰোঁ,
তহঁতৰ আনন্দবোৰ চাই
মই পাহৰি থাকিব বিচাৰোঁ
মোৰ বুকুৰ কেঁচা ঘা টুকুৰাৰ
অসহনীয় যন্তনা।
মাজে মাজে আহি শত্ৰু দলে
বিষাক্ত কীট হৈ দংশন কৰে,
তেতিয়া মোৰ বুকুৰ ঘা টুকুৰা পৰা
কেঁচা তেজ নিগৰে;
ৰক্তাক্ত হয় গোটেই শৰীৰ,
ৰক্ত বৰ্ণ হয় তহঁতৰ কেঁচা ঘামবোৰ!
মই
বৰ অসহায় হৈ পৰোঁ, অ’ সোণ;
বৰ অসহায় হৈ পৰোঁ।
তহঁতৰ দুখবোৰে
মোৰ ঘা টুকুৰা বহলাই তোলে।
তহঁতৰ মাজৰেই সুবিধাবাদীক
কিবুলি বিভূষিত কৰিম
সিহঁতৰ কলংকৃত অধ্যায়!
কোনো দিন নোশুকোৱা
মোৰ বুকুৰ ঘা টুকুৰাত
সিহঁতে বাৰে বাৰে আঘাত কৰে;
সেই আঘাতত
মোৰ দেহৰ মাংস টুকুৰা বোৰ
চপৰা চপৰে খহে;
অ’ সোণ;
চপৰা চপৰে খহে।
আৰু নুখোঁচৰিবি, অ’ সোণ;
আৰু নুখোঁচৰিবি।
বৰ অসহনীয়
মোৰ বুকুৰ কেঁচা ঘা টুকুৰাৰ বিষ
বৰ অসহনীয়।