মই নিবিচাৰো,
মোৰ পৰিশ্ৰান্ত দেহৰ বাবে
লৱণু কোমল পাটী।
বেৰৰ জলঙাৰে আকাশৰ তৰা লেখি
মই শুনিব খোজো,
উচ্চ-নীচ, ধনী-দুখিয়াৰ
বৈষম্যৰ প্ৰাচীৰ ভঙাৰ সুতীব্র শব্দ।
অস্পৃশ্যৰ সীমা ৰেখাৰ আৱেষ্টনীত
আমি আজি আটায়ে বন্দী।
সু-উচ্চ অট্টালিকা
নতুবা উৰুখা পঁজাৰ,
গাভৰুৰ দেহত সময়তেই
সমানে যৌৱন আহে।
জোন-বেলিৰ উদাৰ মানসিকতাই
মোক সততে চুঁই যায়,
দুখীয়াৰ উৱলা পঁজাতো
বেলিয়ে সমানে পোহৰ দিয়ে।
তএাচ,
অন্তৰ্ভেদী ফল্গুধাৰা বোৱতী নহয়,
পাষাণ ব্যক্তিৰ হৃদয়ে হৃদয়ে।