photography of factory

আমাৰ চহৰখনত আছে বহুত গাড়ী
অনবৰতে পার্কিংগত লাগি থাকে শাৰী,
গাড়ীবোৰত আছে নানাবিধৰ হৰ্ন
হৰ্ন মাৰি শব্দ প্ৰদূষণ কৰে,
পেট্রল জ্বলাই বায়ু প্ৰদূষণ কৰে,
তথাপিও গাড়ী চলাই গৌৰৱ অনুভৱ কৰে।

কাৰখানাৰ পৰা বৰ ধোৱা ওৰে
নদীবোৰত কীটনাশক পৰে,
গছ-গছনি কাটি জুম খেতি কৰে
জীৱ-জন্তুৱে ঠাই হেৰুৱাই পৰে
পিছলৈ সংঘাতৰ সৃষ্টি কৰে।

নলা-নৰ্দমাত আৱৰ্জনা পেলায়
নলাবোৰো জাম হৈ যায়,
এজাক বৰষুণতে কৃএিম পানী হয়
পিছত প্ৰতিবাদ কৰিবলৈ লয়।

চোৰাং চিকাৰীৰ বৃহৎ সংখ্যা,
বনত গড়ঁৰ হত্যা,
পৰ্বতত খনন কাৰ্য্য,
ভূমিস্খলন কৰে ধাৰ্য্য,
কিনো কবা জগতৰ ভাষ্য,
আৰ্য্যই হওক বা অনাৰ্য্য,
সকলোৱে কৰিছে বিনাশৰ কাৰ্য্য।

Related Posts