ৰাতিপুৱাৰ পৰা ঘৰত অশান্তি, হুলস্থুল… চকুহাল মোহাৰি মোহাৰি দুৱাৰখন খুলি বাহিৰলৈ ওলাই গলো ঘটনাৰ বুজ লবলৈ,… তই আমাৰ নাক কান চব শেষ কৰি দিলি, ঘৰৰ পৰা কতো ওলাই যাব নোৱাৰা হলো! সকলোৱে মোক হাঁহে, লেদিছটোৰ ককায়েক বুলি, তোৰ লাজ নালাগিব পাৰে আমি কিন্তু বিৰাত লাজ পাওঁ, ল’ৰা হৈ জন্ম লৈছ ল’ৰাৰ দৰে থাক, দাদাৰ কথাবোৰ ঘৰৰ সকলোৱে সমৰ্থন কৰিছিল আৰু মোক বকিবলৈ আৰম্ভ কৰিছিল, কিন্তু কি কৰিম! মই নিৰুপায়, কান্দি কান্দি মবাইলটো পিটিকি ৰূমতে সোমাই আছিলোঁ, নিজৰ ওপৰতে ঘৃণা উপজিছিল, খং উঠিছিল, নিজকে সলাবলৈ বহু চেষ্টা কৰিলো, মই নিজক সলনি কৰিব নোৱাৰিলো, মই….. মই হৈয়ে থাকি গলো! চুবুৰীয়াই হয়টো নাক কোচাইছিল, মোক সমালোচনা কৰিছিল, মই সেইবোৰ গুৰুত্ব দিয়া নাছিলো, যি মন যায়, যেনেকৈ মন যায় তেনেকৈ জীৱনটো সজাবলৈ শিকিলোঁ, জীৱনৰ বাটত বহুজন লগ পালো, দুই এজনে মৰমেৰে আঁকোৱালি ললে মোক বুজিবলৈ যত্ন কৰিলে, দুই একে অশ্লীল ইংগিত দিলে, বৰ বিৰক্ত হৈছিলোঁ মই, সময় অতিবাহিত কৰিবৰ বাবেই এটা ফেচবুকত একাউন্ট খুলিলো, চিনাকি অচিনাকি বহুজনকেই বন্ধুত্বৰ এনাজৰীয়ে বান্ধিলোঁ, তেনেকৈয়ে লগ পাইছিলোঁ দুলিয়াজানৰ এজন বন্ধু, প্ৰথমে hi, helo. তাৰ পাছত ক্ৰমে ইজনে সিজনৰ প্ৰতিটো কথা মুকলিকৈ ভাগবতৰা কৰিলোঁ, দুই তিনিমাহ পাৰ হৈ যোৱাৰ পিছত ফোনত কথা পতা আৰম্ভ কৰিলোঁ, লাহে লাহে তেওঁ মোক বুজিবলৈ যত্ন কৰিছিল আৰু মই তেওঁক…, হাজাৰ দুখৰ মাজতো তেওঁৰ মৌ বৰষা মাতষাৰে সকলো দুখ নিমিষতে দূৰ কৰি মুখত হাঁহি বিৰিঙাইছিল।
তেতিয়া ম’বাইলত whatsappৰ সুবিধা নাছিল সেয়ে vidio কলৰ সুবিধাও নাছিল, কেৱল ফেচবুকত ফটো চাই চায়ে ইজনে সিজনক ভালপাই পেলাইছিলো, সেইদিনা আছিল আগষ্ট মাহৰ ৮ তাৰিখ মনৰ মানুহজনৰ ওপজা দিন, ৰাতিটো মোৰ চকুত টোপনি নাই ৰাতি বাৰ বজাতেই ফোন কৰি তেওঁক মানে দিবাংচুক ওপজা দিৱসৰ ওলগ জনালোঁ, পুৱাই উঠি বিশ্ববিদ্যালয়লৈ যাওঁ বুলি ঘৰত মিছা মাটি যোৰহাট পৰা তিনিচুকীয়ালৈ যোৱা ৰেলগাড়ীখনত উঠিলো, মনত অপাৰ আনন্দ দুচকুত অযুত সপোন, সম্পূৰ্ণ এবছৰৰ পাছত মনৰ মানুহজনক সমুখৰ পৰা লগ পাম, অলপ ভয়, অলপ আশা, লাহে লাহে ৰেলখন আগবাঢ়ি যাব ধৰিলে, ঘনে ঘনে চিনাকি ষ্টেচনবোৰ পাৰ হৈ যাব ধৰিলে, লাহে লাহে ৰেলখন তিনিচুকীয়া ষ্টেচনৰ দুই নং প্লেটফৰ্মত ৰখাই দিলে, প্লেটফৰ্মত ভৰিখন নমাওতেই সুন্দৰ যুৱক এজন মিচিকিয়া হাঁহি এটা মাৰি মোৰ ফালে আগবাঢ়ি আহিল, মোৰ চকুহালকে মই বিশ্বাস কৰিব পৰা নাছিলো, ফটোত দেখা মানুহজনতকৈ সম্পূৰ্ণ বেলেগ, নিলভ চকু, মুখমণ্ডলত চুটি চুটি দাড়ি, তেওঁ ক্ৰমাৎ মোৰ ওচৰ চাপি আহিল আৰু হাতখন আগবঢ়াই দি হাত মিলালে আৰু হাতখন টানি মোক তেওঁৰ বুকুৰ মাজলৈ আজুৰি নিলে, মোৰ বৰ ভয় লাগিছিল, সকলোৱে আমাক প্ৰত্যক্ষ কৰিছিল, মই জোৰ কৰিয়েই তেওঁৰ বুকুৰ মাজৰ পৰা ওলাই আহিছিলো ….. চাহ একাপ খাই লওঁ বলা, মোৰ ভোগ লাগিছে, তুমি কি খালা,
: একো খোৱা নাই, একেলগে খাম বুলিয়ে ৰৈ আছো,
: কিন্ত মন্দিৰত গলা জানো!
: নাই যোৱা,
: তেন্তে এতিয়া চাহ একাপ খাই লওঁ তাৰ পাছত টিলিঙা মন্দিৰ যাম।
: তোমাৰ যি ইচ্ছা!
: বেয়া পাইছা! Sorry
: কিয় বেয়া পাম! বেয়া পোৱা হলে তোমাক লগ কৰিবলৈ ইয়ালৈ নাহো।
: গাখীৰ চাহ খাবা নে! ৰঙা চাহ খাবা!
: তুমি যি খোৱা ময়ো তাকেই খাম ষ্টেচনতে লাগি থকা হোটেল এখনত দুয়োটাই মিঠাই এটাৰ সৈতে চাহ একাপ খাই, অ’ট এখন ভাড়া কৰি দুয়ো টিলিঙা মন্দিৰলৈ গৈছিলোঁ, সুন্দৰকৈ চাকিগজী জ্বলাই দিবাংচুৰ মংগল আৰু দীৰ্ঘায়ু কামনা কৰিছিলোঁ।
আমাৰ সম্পৰ্কটো দৃঢ় কৰিবলৈ এটি টিলিঙা বান্ধিছিলোঁ, কিছুসময় তাৰ লগত হাঁহি ফুৰ্টি কৰি কটালো, চকুৰ পচাৰতে সময়বোৰ পাৰহৈ গৈছিল, আকৌ দুয়ো তিনিচুকীয়া টাউনলৈ উভতি আহিছিলো, জন্ম দিনৰ উপহাৰ হিচাপে তাৰ মনৰ পছন্দৰ এটা টিচাৰ্ট মই উপহাৰ দিছিলোঁ, তেতিয়া লৈকে বাৰ্থডে কেক কটাৰ পৰ্ব হোৱাই নাছিল, হঠাৎ চকুত পৰিল চেৰী গাৰ্ডেনখনত.. গ্লাছৰ দুৱাৰখন ঠেলি দুয়ো সোমাই গলো, সৰু কেক এটা লৈ দুয়ো হোটেল বিচৰাত লাগিলোঁ, ষ্টেচনৰ কাষতেই এখন হোটেলৰ ডাবল ৰুম এটা বিচাৰি পালো, খোৱা লোৱা সকলো অত্যাধুনিক সুবিধা আছে, জীৱনত প্ৰথম বাৰৰ বাবে ঘৰত মিছা মাতি এজন অচিনাকী মানুহৰ লগত একেলগে একেটা কোঠাত আছোঁ, মাজে মাজে এক অবুজ ভয়ে মোক চিন্তিত কৰি তোলে, ফেচবুকৰ বন্ধু, চিনাকি হোৱা এবছৰেই হল কিন্তু প্ৰথম সাক্ষাৎ, যি কি নহওঁক সেইবোৰ পাহৰি বৰ্তমানটো ভালকৈ উপভোগ কৰিছিলোঁ, ৰুমত সোমাই গা পা ধুই অলপ ফ্ৰেচ হৈ কেক কাতিলোঁ, বৰ মৰমেৰে দিবাংচুৱে মোৰ মুখত কেকপিছ লগাই দিছিল, একামুৰ খাই বাকীদুখৰ তাৰ মুখত গুজি দিছিলোঁ, মনপ্ৰাণ খুলি সি হাঁহিছিল, তাৰ হাঁহিত মই সকলো পাহৰি গৈছিলো, কেনেকৈ মানুহ ইমান আপোন হব পাৰে, সহজ হব পাৰে, আমাৰ কোনো তেজৰ সম্পৰ্ক নাই তথাপিও কিয় ইমান আপোন, কিয় মোক ইমান মৰম কৰে, কথাবোৰ ভাবি থাকোতেই সি চাৰ্টটো খুলি মোৰ কাষ চাপি আহিল,
: ঐ চ’না, সি মোক মৰমতে চ’না বুলি মাতে..
: কোৱা!
: তোমাৰ মোক কব লগা একো নাই নেকি?
: কি কম! তুমি সকলো জানাই, তুমি কোৱা তোমাৰ কি কব লগা আছে,
: মোৰ বহুত কব লগা আছে, তোমাৰ শুনিবলৈ ধৈৰ্য আছে জানো!
: সঁচাকৈয়ে এতিয়া মোৰ কথা শুনা ধৈৰ্য নাই, বৰ ভোক লাগিছে, ভাত খাই লওঁ নেকি!
: মই আছো তো! মোকে খোৱা।
: ধেৎ ! কি যে কোৱা, তোমাক কিয় খাম আকৌ।
দুৱাৰখন খুলি হোটেলৰ ছাৰ্ভিছ বয়জন সোমাই আহি দুই প্লেট ভাত মাছ-মাংসৰ সৈতে দি থৈ গল, দিবাংচুৱে মোক মাছৰ কাঁইট গুচাই দুবাৰ মান ভাত খুৱাই দিলে ময়ো তাক খুৱাই দিলো, তেনেকৈ ধেমালি কৰি থাকোতেই ভাত খাই শেষ হৈ গৈছিল, পশ্চিমৰ আকাশত ৰাঙলী বেলি মাৰ গৈছিল, বৰ ভাগৰ লাগিছিল, বিচনাৰ কাপোৰখন জাৰি জোকাৰি ভালকৈ পাৰি মোক শুবলৈ দিলে, মোৰ কাষতে দিবাংচু শুই দিলে, লাহে লাহে সি মোৰ কাষ চাপিব ধৰিলে মূৰত সুন্দৰকৈ আঙুলি বুলাই মূৰটো অলপ মালিচ কৰি দিলে, ময়ো তাৰ বুকুৰ মাজত কুচি মুচি সোমাই পৰিলোঁ, তাৰ তপত উশাহ মোৰ দেহত লাগিছিল, পাহৰি গৈছিলোঁ ঘৰখনৰ কথা, কেৱল তাৰ নোমাল বুকুখনত বিচাৰি হাবাথুৰি খাইছিলো এবুকু সঁচা আৰু নিভাঁজ মৰম।
(বিঃদ্ৰঃ # গল্পটো প্ৰথম পুৰুষত লিখা হৈছে)