গুৰুৰ আসনত বিবেক বৈৰাগী,
বিবেকহীন মগজু;
জীৱাত্মা হয় ৰাগী।
বিবেক জ্ঞান পুৰুষৰ,
অপূৰ্ব দান ঈশ্বৰৰ।
বিবেকক বোলা হয়,
তৰোৱাল দুধাৰী।
অসংযমী বিবেক,
ধ্বংসাত্মক অস্ত্ৰ-ধাৰী।
বিবেকে যোগায়,
কৰ্মত সৎবুদ্ধি।
নতুবা দৈত্য-বুদ্ধি,
অহংকাৰৰ বৃদ্ধি।
বন্দনা পাৰমাত্মাৰ
নহয় কদাপি সিদ্ধি,
হয় দেহাত্মাৰ সমাধি।