উদৰে উচুপি থকা চহাৰ
হৃদয় পবিত্ৰ হয় ;
মনে একতাৰ ভাৱনাক জগাই
সমাজ বান্ধি ৰয় ।
নাই অহঙ্কাৰ কাৰো হৃদয়ত
প্ৰীতিৰে কৃষিত হে মন ;
উদৰ পুৰাই দুমুঠি ভাত
পাবলৈ কৰে পণ ।
মানুহে বুজে মানুহৰ দুখ:
ভোকে একতা আনে ;
মিলিজুলি খাই খুদকণ ভগাই
অভাৱেও ৰং সানে ।
চহাৰ সৰল সেই সুন্দৰ মনক
এতিয়া পাবলৈ নাই ;
অভিলাসী মন আধুনিক শিক্ষাত
চেতনা হেৰাই যায় ।