আহিনৰ পথাৰৰ ৰুৱনী হ’বলৈ
ব্যস্ত নগৰখন কিছুদিন এৰি
আহিবাচোন মোৰ ঘৰলৈ।
মূৰত জাপি, ককালত টঙালি বান্ধি
আহিনৰ পথাৰৰ হালুৱা হ’ম মই।
বকিয়াঁ গঢ়িম, কঠিয়া আনি দিম।
তই ৰুৱনী হৈ!
অহ, তই ছাগে নেযানোঁ ভূই ৰুৱ।
আয়ে শিকাব, তিনি আঙুলিৰে কঠিয়া গুজিবলৈ।
আহিবানে তুমি?
পথাৰখন লাহে লাহে সেউজীয়া হ’ৱ
এই সেউজীয়া পথাৰখন সোনোৱালী হৈ
আঘোনক আদৰিব।
কৃষকৰ শেতাঁ ওঁঠত হাঁহি বিৰিঙাব।
আঘোনৰ পথাৰত ব্যস্ত হ’ব দাৱনী।
এইজাক দাৱনীৰ মাজতে থাকিবা তয়ো।
বেলি লোঁহিৱাৰ পৰত এভাৰ ডাঙৰি লৈ
দুয়ো ঘৰমুৱা হ’ম।
হেপাঁহেৰে সোনগুটি চোপাই ভৰাঁলত থম,
সকলোৱে মিলি ন-ভাত খাম।
তই পাহৰি যাবি, এই ভৈয়ামত থাকি
ব্যস্ত নগৰৰ কাহিনী।

Related Posts