বিশ্বপ্ৰেম মানৱপ্ৰেমেৰে সদা সজ্জিত মই
কবিত্বই মোৰ মৃত্যঞ্জয়ী গায়ত্ৰী মন্ত্ৰ
সত্য প্ৰেম সততা ন্যায় সহৃদয়তা
অনিৰুদ্ধ অনিবাৰ্য সবল সতীৰ্থ
Month: December 2020
মোৰ সন্মুখত
এখন উলঙ্গ মানুহৰ পৃথিৱী
আশ্চৰ্য্য কদৰ্য্য মানসিকতা
আসুৰিক অশ্লীল প্ৰকৃতি
এক অভিশপ্ত ভালপোৱা নিবিড় নিস্তব্ধ নিসঙ্গ প্ৰহৰত
কেতিয়াবা তুমি জানো মোৰ হিয়াৰ
নিশব্দে সৰা অশ্ৰুৰ শব্দশুনা
অনুভৱ কৰা জানো
মোৰ প্ৰেম ভালপোৱা
থকা শুনি থকা ভাৱি থকা কথাবোৰ
কবিতাৰ আকাৰে লিখি দিলেই নহয় কবিতা
শৰতৰ নিশা, শেৱালিৰ সুবাসেৰে উপচি পৰিছে হোষ্টেলৰ চৌপাশটো। বেলকনিতে ৰৈ থকা অনন্যাই দীঘলকৈ উশাহটো টানিলে, শেৱালিৰ আমোল-মোল গোন্ধই তাইক বাৰে বাৰে মতলীয়া কৰিলে। ৰাতিৰ নিৰ্জনতা ভেদি কৰবাৰ পৰা ভাঁহি অহা চিঞৰে উন্মনা হৈ পৰা অনন্যাক শংকিত কৰিলে।
শুকুলা মেঘৰ আঁৰত
জোনালী তোমাৰ হাঁহি
জৱা ফুলীয়া কলিজাখন
ৰাখিছা সযতনে,
যেন গোলাপৰ পাহি।
মানুহগৰাকীৰ বয়স সত্তৰ উৰ্ধত হব, হাত দুখন কঁপি থাকে , মাত বোৰও কঁপা কঁপা। প্ৰায়ে মোৰ চেম্বাৰলৈ আহিছিল। বহুমূত্ৰ, উচ্চ ৰক্তচাপ আৰু কেবাটাও আনুসংগিক ৰোগত আক্ৰান্ত তেওঁ।
দূৰৈত সৌ হাঁহি থকা জোনটিয়ে
মোক হাত বাউলি মাতে তৰাৰ দেশলৈ,
জোনাকে ধুৱাই নিয়া সময়তে
এনেদৰেই পাৰ হয়,
মোৰ জীৰ্ণ উৰুখা পঁজাৰ পদুলিত
আইতাৰ কোলাত শুই,
কত বহাগ জেঠ আহাৰ শাওণ।